ৰাষ্ট্রসংঘৰ বিষয়া অসম সন্তান কৌশিক বৰুৱালৈ সন্মান

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  ৰাষ্ট্রসংঘৰ বিষয়া অসম সন্তান কৌশিক বৰুৱালৈ আগবঢ়োৱা হৈছে এক আন্তর্জাতিক সন্মান৷ ৰাষ্ট্রসংঘৰ ইণ্টাৰনেচনেল ফাণ্ড ফৰ এগ্রিকালচাৰেল ডেভেলপমেণ্ট (আইএফএডি)ৰ দেশীয় সঞ্চালক অসম সন্তান কৌশিক বৰুৱাক ৰয়েল অর্ডাৰ অৱ সহমেত্রেই এণ্ড ছোবাথাৰা অৱ কম্বোডিয়াৰ অধীনত পদক আগবঢ়োৱা হৈছে৷ ৰাষ্ট্রসংঘৰ কম্বোডিয়াৰ ৱেবছাইটত প্রকাশ পোৱা মতে কম্বোডিয়াত ক্ষুদ্র অংশীদাৰিত্বৰ কৃষি উন্নয়ন, গ্রাম্য উন্নয়ন আৰু দৰিদ্রতা হ্রাসৰ ক্ষেত্রত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে কৌশিক বৰুৱাক এই সন্মানেৰে বিভূষিত কৰা হৈছে৷ অসমৰ কৌশিক বৰুৱাৰ লগতে ৰাষ্ট্রসংঘৰ আন এগৰাকী বিষয়া ছাককৌশেঠ মেংকো এই সন্মানেৰে বিভূষিত হৈছে৷ আইএফএডিৰ বিত্তীয় সাহায্য আৰু এগ্রিকালচাৰ ছার্ভিচেছ প্র’গ্রাম ফৰ ইনোভেচন, ৰিচাইলেন্স এণ্ড এক্সটেনচন (এএছপিআইআৰই) কার্যসূচীৰ নিৰীক্ষণত কম্বোডিয়াৰ ২৪খন প্রদেশৰ ৬১ হাজাৰতকৈ অধিক কৃষকক কৃষক গোট আৰু বাণিজ্যসমূহ গঠনৰ ক্ষেত্রত সহযোগিতা আগবঢ়াইছে৷

এএছপিআইআৰই প্র’গ্রেম কৃষি, বন আৰু মৎস্য মন্ত্রালয়ৰ সৈতে সমন্বয়ত ৰূপায়ণ কৰা হৈছিল৷ তদুপৰি আইএফএডিৰ দলটোৱে দেশখনৰ বাণিজ্য মন্ত্রালয় আৰু গ্রামোন্নয়ন মন্ত্রালয়ৰ সহযোগত গ্রামাঞ্চলৰ সম্প্রদায়ক জলবায়ু প্রতিৰোধী আন্তঃগাঁথনি যোগান ধৰিছিল৷ ইয়াৰ উপৰি আইএফএডিয়ে নবীকৰণ শক্তি প্রযুক্তি যোগান ধৰি ৫০০০তকৈ অধিক ক্ষুদ্র খেতিয়কক বহনক্ষম আৰু পৰিৱেশ বন্ধুত্বমূলক নবীকৰণ শক্তি প্রযুক্তি তেওঁলোকৰ কৃষিত যোগান ধৰিছিল৷ এই উল্লেখনীয় অৱদানৰ বাবেই বৰুৱা আৰু মেংকক কম্বোডিয়া চৰকাৰে সন্মান আগবঢ়াইছে৷ মন কৰিবলগীয়া যে কৌশিক বৰুৱাই ২০১৩ চনত তেওঁৰ প্রথমখন গ্রন্থ ‘উইণ্ড হর্ছ’ৰ বাবে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছিল৷ অসম সন্তান কৌশিক বৰুৱাই কম্বোডিয়া চৰকাৰৰ সন্মান লাভ কৰাৰ পাছতেই টুইটযোগে অভিনন্দন জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হৰমিৎ সিঙে৷ সিঙে কয় যে অসমৰ কাৰণে এইটো আনন্দ আৰু গৌৰৱৰ মুহূর্ত৷ কম্বোডিয়াত গ্রাম্য আৰু কৃষি উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে কৌশিক বৰুৱাক সন্মানিত কৰা হৈছে৷

Featured