ৰাজ্যজুৰি বাইক ৰেলীৰে যুৱ–ছাত্রৰ প্রতিবাদ সাব্যস্ত

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত ৰাজ্যত পুনৰ প্রতিবাদী আন্দোলন আৰম্ভ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ বিধানসভা নির্বাচনৰ অহা ২৭ মার্চত অনুষ্ঠিতব্য ভোটগ্রহণৰ পূর্বে আজি সংগঠনটোৱে ‘কা’ বাতিলৰ দাবীত ৰাজ্যজুৰি বাইক ৰেলী উলিয়ায়৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ জিলা সমিতিসমূহে সংশ্লিষ্ট জিলাৰ সদৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চললৈ এই বাইক ৰেলী উলিয়াই প্রতিবাদ সাব্যস্ত কৰে৷ কার্যসূচীৰ অন্তত সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসমৰ ৰাইজে অসাংবিধানিক, সাম্প্রদায়িক আৰু অসমীয়া জাতিধ্বংসী ‘কা’ কোনোদিনে গ্রহণ নকৰে৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদেও ‘কা’ বিধেয়কৰ ৰূপত থকা অৱস্থাৰ পৰাই ইয়াক বাতিলৰ দাবীত সবল প্রতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে ‘কা’ বাতিলৰ হকে মহামান্য উচ্চতম ন্যায়ালয়তো আইনী যুঁজ অব্যাহত ৰাখিছে৷

অনাগত সময়তো অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ‘কা’ বাতিলৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই যাব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে৷ সংগঠনটোৰ নেতাদ্বয়ে কয় যে ‘কা’ৰ পৰা পৰিত্রাণ পাবলৈ অসমৰ ৰাইজে বিজেপিক উৎখাত কৰিবই লাগিব৷ ‘কা’ বলৱতৰ জৰিয়তে বিজেপিয়ে অসমত তেওঁলোকৰ স্থায়ী ভোটবেংক সৃষ্টি কৰি ৰাজভোগ স্থায়ী কৰাৰ পৰিকল্পনা কৰি অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে৷ সেয়েহে সমাগত বিধানসভা নির্বাচননেই বিজেপিক উৎখাত কৰাৰ উচিত সময়৷ এই নির্বাচনত অসমৰ ৰাইজে ‘কা’ৰ বিৰুদ্ধে ভোটদান নকৰিলে ঐতিহাসিক ভুল কৰা হ’ব বুলি তেওঁলোকে মত প্রকাশ কৰে৷ ইফালে সমগ্র অসমৰ লগতে চৰাইদেউ জিলাতো আজি পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ‘কা’ বাতিলৰ দাবীত বৃহৎ বাইক ৰেলী চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা উলিওৱা হয়৷ চৰাইদেউ জিলা সমিতিৰ বাইক–চাইকেল ৰেলীত পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে অংশগ্রহণ কৰে৷ ‘কা’বিৰোধী আৰু বিজেপিবিৰোধী বিভিন্ন শ্লোগানেৰে তিনি শতাধিক যুৱ–ছাত্র কর্মীৰ ৰেলী সোণাৰি নগৰৰ পৰা সাপেখাতী পোৱা মাত্রকে সাপেখাতী আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ বৃহৎ দলে আগচি ধৰে৷ অৱশেষত আৰক্ষীয়ে পলাশ চাংমাই, তথ্য আৰু প্রচাৰ সম্পাদক ছাবিৰ আহমেদসহ তিনি শতাধিক যুৱ–ছাত্র কর্মীক গ্রেপ্তাৰ কৰে৷