গুৱাহাটীত প্রতি লিটাৰ পেট্র’লৰ দাম ৮৩.৮৩ টকা

ধাৰাবাহিকভাৱে বৃদ্ধি ইন্ধনৰ মূল্য

নিয়মীয়া বাৰ্তা ২৩ জুনঃ বিগত প্রায় এপষেক ধৰি হৈ থকা পেট্র’ল–ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সর্বসাধাৰণ ৰাইজক৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য যোৱা সময়ছোৱাত অত্যন্ত কম হোৱা সত্ত্বেও কেন্দ্র–ৰাজ্য চৰকাৰে আৰোপ কৰা অত্যধিক কৰৰ বাবেই আকাশলংঘী হৈ পৰিছে পেট্র’ল আৰু ডিজেলৰ দাম৷ সোমবাৰে দিনটোত গুৱাহাটীৰ বজাৰত প্রতিলিটাৰ পেট্র’লৰ দাম ৮৩.৮৩ টকা আৰু প্রতিলিটাৰ ডিজেলৰ দাম ৭৭.৭৭ টকা৷ ২১ জুন অর্থাৎ দেওবাৰে এই দাম আছিল প্রতিলিটাৰ পেট্র’লত ৮৩.৫৮ টকা আৰু ডিজেলত ৭৭.৩৩ টকা৷ তাৰ আগৰ দিনটোত গুৱাহাটীত পেট্র’ল প্রতিলিটাৰত ৮০.৩১ টকা আৰু ডিজেল প্রতিলিটাৰত ৭৬.৮৭ টকা দৰত বিক্রী হৈছিল৷ শনিবাৰে এই দাম আছিল প্রতিলিটাৰ পেট্র’লত ৮২.৯২ টকা আৰু ডিজেলত ৭৬.৪০ টকা৷ অর্থাৎ প্রতিটো দিনতেই অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্র’ল–ডিজেলৰ মূল্য৷ কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল আন্তর্জাতিক বজাৰত এতিয়া পানীৰ দৰত বিক্রী হৈ আছে খাৰুৱা তেল৷

সোমবাৰে দিনটোৰ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ দাম আছিল প্রতি বেৰেলত ৪২.১৯ আমেৰিকান ডলাৰ৷ এক বেৰেলত থাকে ১৬২ লিটাৰ খাৰুৱা তেল৷ আনহাতে, সোমবাৰে প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্য হ’ল ৭৬.০৫ টকা৷ অর্থাৎ এক বেৰেল বা ১৬২ লিটাৰ খাৰুৱা তেলৰ ভাৰতীয় দাম হ’ব ৩,২০৮.৫৪ টকা৷ এতেকে সোমবাৰৰ দিনটোত আন্তর্জাতিক বজাৰত এক লিটাৰ খাৰুৱা তেলৰ মূল্য হ’ল ১৯.৮০ টকা৷ এই খাৰুৱা তেল ভাৰতলৈ আমদানি কৰাৰ পাছত শোধন কৰি পেট্র’ল–ডিজেলৰ ৰূপত বিক্রী কৰা হয়৷ স্বাভাৱিকতে পেট্র’ল–ডিজেলৰ বজাৰ মূল্যত পৰিবহণ, শোধন ব্যয় আৰু ডীলাৰৰ কমিছন সংযুক্ত হৈ থাকিব৷ কিন্তু তাৰ পাছতো চৰকাৰী কৰৰ বাবেহে ৰাইজে আকাশলংঘী দৰত পেট্র’ল–ডিজেল ক্রয় কৰিবলগীয়া হৈছে৷

বর্তমান অসমত প্রতিলিটাৰ পেট্র’ল ক্রয় কৰোঁতে গ্রাহকে ৩২.৯৮ টকাৰ কেন্দ্রীয় আবকাৰী শুল্ক আৰু ২২.৬৩ টকা ৰাজ্য চৰকাৰৰ ভেট আদায় দিবলগীয়া হয়৷ আনহাতে, প্রতিলিটাৰ ডিজেলত কেন্দ্রীয় আবকাৰী শুল্ক ৩১.৮৩ টকা আৰু ৰাজ্যিক ভেট ১৭.৪৫ টকা৷ অর্থাৎ পেট্র’ল–ডিজেলৰ মূল দামৰো অধিক হাৰত কৰ আৰোপ কৰিছে কেন্দ্র আৰু ৰাজ্য চৰকাৰে৷ এই কৰৰ বোজা বহন কৰিবলগীয়া হৈছে লডকাউনত অবর্ণনীয় দুৰৱস্থাৰ সন্মুখীন হোৱা সাধাৰণ ৰাইজে৷

উল্লেখ্য যে ক’ৰোনাৰ সংক্রমণৰ পৰিপ্রেক্ষিতত বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত চৰকাৰৰ ৰাজহ সংগ্রহৰ হাৰ অভাৱনীয় মাত্রাত হ্রাস পায়৷ এই ক্ষতিৰ জোৰা মাৰিবলৈও অসম চৰকাৰে পেট্র’ল–ডিজেলৰ ওপৰত ৫ টকাকৈ অতিৰিক্ত ভেট আৰোপ কৰে৷ ফলত পেট্র’লৰ ওপৰত আৰোপ কৰা ভেট ১৭.৬৩ টকাৰ পৰা ২২.৬৩ টকালৈ আৰু ডিজেলৰ ওপৰত আৰোপ কৰা ভেট ১২.৪৫ টকাৰ পৰা ১৭.৪৫ টকালৈ বৃদ্ধি পায়৷ লকডাউনৰ সময়ত সর্বসাধাৰণৰ যান–বাহন বৰ বিশেষ চলাচল কৰা নাছিল৷ যাৰ বাবে পেট্র’ল–ডিজেলৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰৰ সাংঘাতিক প্রভাৱো দেখা পোৱা নগৈছিল৷ কিন্তু এতিয়া লাহে লাহে ৰাজ্যৰ দৈনন্দিন জীৱনযাত্রা প্রায় আগৰ পর্যায়লৈ ঘূৰি আহিছে৷ বিভিন্ন ক্ষেত্রৰ ৰাজহৰ হাৰো বৃদ্ধি পাইছে৷ গতিকে পেট্র’ল–ডিজেলৰ ওপৰত লগোৱা অতিৰিক্ত ভেট প্রত্যাহাৰ কৰিলে জনসাধাৰণে কিছু হ’লেও সকাহ পালেহেঁতেন৷ কিন্তু তাকে নকৰি চৰকাৰে ইন্ধনৰ ওপৰত কৰ বৃদ্ধি কৰি যোৱাৰ ফলত জনসাধাৰণে ধোঁৱা–কোঁৱা দেখিবলগীয়া হৈছে৷