ফটো আৰু ছেলফীৰ অঘোষিত প্ৰতিযোগিতা সন্ধ্যা-ললিতা-কান্তাৰ মাজেৰে বৈ অহা কুলুকুলু ধাৰাত

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জানুৱাৰী: শীতৰ সেমেকা বতৰ, তাৰ মাজতে কুহুমীয়া ৰ’দৰ লুকাভাকু। নতুন বছৰ নতুন সংকল্প আৰু ন-প্ৰতিশ্ৰুতি। নতুন বছৰৰ প্ৰথম দিনকেইটাত কাৰনো ভাল নালাগে পৰিয়াল অথবা বন্ধু-বান্ধৱৰ সৈতে অলপ ফুৰি! এইবাৰ নতুন বছৰৰ প্ৰথম দিন দুটাই শণিবাৰ আৰু দেওবাৰ। দেওবাৰ মানেই বন্ধৰ বাৰ। নতুন বছৰৰ প্ৰথম দেওবাৰটোত ৰাজ্যৰ বিভিন্ন বনভোজথলী আৰু পৰ্যটনস্থল সমূহৰ দৰে গুৱাহাটীৰ ঠায়ে ঠায়ে বিৰ দি বাট নোপোৱা অৱস্থা। দেওবাৰে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ তথা আশ্ৰমতো ভিৰ কৰে বিভিন্ন ঠাইৰ পৰা অহা অনেক লোকে। কোনোৱে যদি মন্দিৰ দৰ্শন কৰিছে, আন কোনোৱে খাবলৈ আহিছে মিলিজুলি এসাঁজ। আৰু প্ৰায় সকলোৱে এই স্মৃতি সামৰিছে ম’বাইলৰ কেমেৰাৰে। ফটো আৰু ছেলফীৰ অঘোষিত প্ৰতিযোগিতা সন্ধ্যা-ললিতা-কান্তাৰ মাজেৰে বৈ অহা কুলুকুলু ধাৰাত।