দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ ইউ ইউ ললিত

বিশেষ বাৰ্তা, ৫ আগষ্টঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হ’ব ইউ ইউ ললিত৷ বর্তমানৰ চিজেআই এন ভি ৰামানাই আজি তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম অনুমোদন জনোৱাৰ লগে লগে দেশৰ পৰৱর্তী চিজেআই হিচাপে ইউ ইউ ললিত নিশ্চিত হ’ল৷ অহা ২৬ আগষ্টত কার্যকাল সামৰণি পৰিবলগীয়া চিজেআই ৰামানাই নিয়মানুযায়ী আজি তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ নাম অনুমোদন জনায়৷ পৰৱর্তী কেন্দ্রীয় আইন মন্ত্রালয়ে অনুমোদন জনাই প্রধানমন্ত্রীলৈ প্রেৰণ কৰিব আৰু প্রধানমন্ত্রীয়ে ৰাষ্ট্রপতিলৈ প্রেৰণ কৰাৰ পাছত ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশগৰাকীক নিযুক্তি দিব৷ চিজেআই ৰামানাই ন্যায়াধীশ ললিতক অনুমোদনপত্রখন নিজহাতে অর্পণ কৰে৷ ২০২১ চনৰ ২৪ এপ্রিলত মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ পৰা মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱা ৰামানাই আজি তেওঁৰ উত্তৰাধিকাৰী হিচাপে অনুমোদন জনোৱা ন্যায়াধীশ ইউ ইউ ললিত ১৯৫৭ চনৰ ৯ নৱেম্বৰত মহাৰাষ্ট্রত জন্মগ্রহণ কৰিছিল৷ মাত্র ৭৪ দিনৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বত থাকিবলগীয়া ৪৯সংখ্যক চিজেআই ললিতে ১৯৮৩ চনত অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল আৰু ১৯৮৫ চনৰ ডিচেম্বৰলৈকে ব’ম্বে উচ্চ ন্যায়ালয়ত কাম কৰিছিল৷ পিছলৈ দিল্লীলৈ কর্মজীৱন স্থানান্তৰিত কৰা ইউ ইউ ললিতে ২০০৪ চনৰ এপ্রিলত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি পায়৷ চি বি আইৰ বিশেষ অধিবক্তা হিচাপে কার্যনির্বাহ কৰা ললিতে পিছলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ২০১৪ চনৰ ১৩ আগষ্টত নিযুক্তি লাভ কৰে৷

Featured