ছিডনীত খেলৰ মাজতে প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ : ভাৰত-নেদাৰলেণ্ডৰ মেচৰ মাজত এই ঘটনা

বিশেষ বাৰ্তা, ২৭ অক্টোবৰঃ টি-২০ বিশ্বকাপত আজি অনুষ্ঠিত ভাৰত-নেডাৰলেণ্ডৰ খেলখনত এক আকৰ্ষণীয় দৃশ্য দেখা গ’ল। ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত এই খেলখনৰ সময়ত এজন ভাৰতীয় দৰ্শকে প্ৰেমিকাক প্ৰস্তাৱ দিছিল। খেলৰ মাজতে দিয়া এই প্ৰস্তাৱত প্ৰথমতে ছোৱালীজনী অবাক হৈ পৰে যদিও পিছত প্ৰেমিকাৰ এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়। হঠাৎ অহা এই প্ৰস্তাৱত ছোৱালীজনী প্ৰথমতে আচৰিত হৈছিল যদিও পলম নকৰাকৈয়ে আঙঠিটোৰ বাবে হাতখন আগবঢ়াই দিলে। সঁহাৰি জনোৱাৰ লগে লগে প্ৰেমিকক আলিংগন কৰি দেখা যায়। মেচখনৰ দ্বিতীয় ইনিংছত সংঘটিত হৈছিল এই ঘটনা। পাৱাৰপ্লেৰ ঠিক পিছতেই হাৰ্দিক পাণ্ডিয়াই বলিং কৰি আছিল। এই অভাৰৰ প্ৰথম বলৰ পিছত কেমেৰাটো দৰ্শকৰ ফালে ঘূৰি অহাৰ লগে লগে ভাৰতীয় অনুৰাগীজনে পলম নকৰাকৈ পকেটৰ পৰা আঙঠিটো উলিয়াই প্ৰেমিকাৰ হাতখন বিচাৰিবলৈ ধৰিলে। আই চি চিয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে।