আভ্যন্তৰীণ সংঘাতত জর্জৰিত কংগ্রেছঃ অসমৰ পৰা পঞ্জাব–ৰাজস্থানৰ পৰা ছত্তিশগড়লৈ সকলোতে চলিছে বঙহৰ যুঁজ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ আভ্যন্তৰীণ বিদ্রোহত জর্জৰিত হৈ পৰিছে কংগ্রেছ দল৷ দুটাকৈ লোকসভা নির্বাচন, ইখনৰ পাছত সিখন ৰাজ্যত ক্রমাগত শোচনীয় পৰাজয়ৰ পাছত দিশহাৰা শতিকা পুৰণি দলটোৰ নেতৃত্ব৷ নেতৃত্বৰ চৰম সংঘাতৰ পৰিণতিত প্রতিখন ৰাজ্যতে কংগ্রেছৰ ভেটিত কঁপনি উঠিছে৷ দেশৰ বৃহৎ ৰাজ্যসমূহত এফালৰ পৰা খোপনি হেৰুৱাইছে সুদীর্ঘকাল দেশ শাসন কৰা দলটোৱে৷ এনে পৰিস্থিতিত আহিবলগীয়া বিধানসভা আৰু লোকসভা নির্বাচনতো কংগ্রেছৰ প্রত্যাৱর্তনৰ আশা ক্ষীণ হৈ আহিছে৷

উল্লেখ্য যে সমাগত ২০২২ চনৰ পঞ্জাব, উত্তৰ প্রদেশ, গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ আটাইকেইখন ৰাজ্যৰে দেশৰ ৰাজনীতিত আছে বিশেষ গুৰুত্ব৷ কিন্তু তাৰ পূর্বে কংগ্রেছত এক মোক্ষম আঘাত হানি দল ত্যাগ কৰিছে প্রাক্তন মন্ত্রী তথা যুৱ নেতা জিতিন প্রসাদে৷ উত্তৰ প্রদেশৰ এইগৰাকী নেতা ইউ পি এ চৰকাৰৰ শেষ আমোলত আছিল মানৱ সম্পদ উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্রী৷

শেহতীয়া দুটা লোকসভা নির্বাচনত পৰাজিত হ’লেও গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱা সূত্রে তেওঁ চি ডব্লিউ চিত স্থান লাভ কৰে৷ ইয়াৰ বাহিৰেও উত্তৰ প্রদেশত জিতিন প্রসাদৰ আন এক বিশেষ ভূমিকা আছে৷ তেওঁ ব্রাহ্মণ সমাজক প্রতিনিধিত্ব কৰে আৰু উত্তৰ প্রদেশত ব্রাহ্মণসকলৰ প্রায় ১০ শতাংশ ভোট আছে৷ এয়া বিজেপিৰ স্থায়ী ভোটবেংক হিচাপে গণ্য কৰা হয়৷ শেহতীয়াকৈ বিজেপিৰ ভোটবেংকত খহনীয়া সৃষ্টি কৰাৰ উদ্দেশ্যে জিতিন প্রসাদে ‘ব্রাহ্মণ চেতনা পৰিষদ’ নামেৰে আন এক সাংগঠনিক কুচকাৱাজ আৰম্ভ কৰিছিল৷ কিন্তু সকলোকে হতচকিত কৰি হাই কমাণ্ডৰ এইগৰাকী বিশ্বস্ত নেতাই যোগদান কৰে বিজেপিত৷

জিতিন প্রসাদৰ বিজেপি গমনৰ পাছত উত্তৰ প্রদেশৰ দৰে বৃহৎ ৰাজ্যখনত কংগ্রেছৰ সাংগঠনিক কাম–কাজ স্থবিৰ হৈ পৰিছে৷ একে সময়তে আকৌ এবাৰ বিদ্রোহৰ উকমুকনি দেখা গৈছে ৰাজস্থানতো৷ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটৰ বিৰুদ্ধে ২০২০ চনৰ জুলাই মাহত মুকলি বিদ্রোহ ঘোষণা কৰিছিল যুৱ নেতা শচীন পাইলটে৷ হাইকমাণ্ডৰ হস্তক্ষেপত পাইলটৰ বিদ্রোহ কিছু সময়ৰ বাবে শাম কাটে৷ গেহলট–পাইলটৰ মাজৰ সংঘাত নিৰাময়ৰ বাবে জ্যেষ্ঠ নেতা আহমদ পেটেলৰ নেতৃত্বত কে চি বেণুগোপাল আৰু অজয় মাকেনক লৈ এখন সমিতি গঠন কৰা হয়৷ কিন্তু ক’ভিডত আক্রান্ত হৈ আহমদ পেটেলৰ মৃত্যু হোৱাত উক্ত সমিতিখন অস্তিত্বহীন হৈ পৰে৷

ইফালে, দহ মাহ অপেক্ষা কৰিও কোনো ফলাফল নোপোৱাত পুনৰ ক্ষুণ্ণ হৈ পৰে শচীন পাইলট৷ জিতিন প্রসাদৰ পদত্যাগৰ পাছতে সুযোগ বুজি শচীন পাইলট ৰাওনা হয় দিল্লীলৈ৷ দিল্লীৰ নেতৃত্বৰ ওচৰত তেওঁ পুনৰ ৰাজস্থান চৰকাৰ আৰু দলত প্রাপ্য মর্যাদাৰ দাবী উত্থাপন কৰে৷ নিজৰ শিবিৰৰ ৬–৭গৰাকী বিধায়কক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ দাবীত অটল হৈ ৰৈছে শচীন পাইলট৷ কেন্দ্রীয় নেতৃত্বই দিয়া ৰাষ্ট্রীয় সাধাৰণ সম্পাদক পদৰ অফাৰ অগ্রাহ্য কৰি তেওঁ বিগত তিনি দিন ধৰি বাহৰ পাতি আছে নতুন দিল্লীত৷ শচীন পাইলটে কিমান দিনলৈ ধৈর্য অক্ষুণ্ণ ৰাখিব পাৰে, সেয়া এতিয়া সময়ৰ অপেক্ষা মাথোঁ৷ অধিক বেয়াৰ দিশলৈ গতি কৰিছে পঞ্জাবৰ ৰাজনৈতিক পৰিস্থিতিও৷

ৰাজ্যখনৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে মুকলি বিদ্রোহত নামিছে নৱজোৎ সিং সিদ্ধু, প্রদেশ কংগ্রেছৰ সভাপতি সুনীল জক্কাৰ, কেবিনেট মন্ত্রী সুখজিন্দৰ ৰন্ধাৱা আদিৰ দৰে জ্যেষ্ঠ নেতা৷ উপায়ান্তৰ হাইকমাণ্ডে সমাধান সূত্র উলিয়াবৰ বাবে ৰাজ্যসভাৰ দলপতি মল্লিকার্জুন খার্গেৰ নেতৃত্বত হৰিশ ৰাৱাট, জে পি আগৰৱালাক লৈ এখন সমিতি গঠন কৰি দিছে৷ এই সমিতিখনে ইতিমধ্যে ছোনিয়া গান্ধীৰ ওচৰত প্রতিবেদন দাখিল কৰিছে৷ য’ত নৱজোৎ সিং সিদ্ধুক যথোচিত সন্মান সহকাৰে সংস্থাপন দিয়াৰ পোষকতা কৰা হৈছে৷ অথচ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙো নিজৰ স্থিতিত অলৰ–চৰ৷ অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া পঞ্জাবৰ আজিৰ ৰাজনৈতিক পৰিস্থিতি মুঠেও কংগ্রেছৰ বাবে অনুকূল নহয়৷ ছত্তিশগড়ত মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্রেছ চৰকাৰ চলি আছে যদিও তাতো বিদ্রোহৰ উকমুকনি দেখা গৈছে৷ ২০১৮ত ভূপেশ বাঘেলক মুখ্যমন্ত্রীৰ দায়িত্ব দিছিল তেতিয়াৰ কংগ্রেছ সভাপতি ৰাহুল গান্ধীয়ে৷ সেই সময়ত আন এগৰাকী জ্যেষ্ঠ নেতা তথা স্বাস্থ্যমন্ত্রী সিং দেউৰ লগত বুজাবুজি কৰা হৈছিল যে শেষৰ আঢ়ৈ বছৰত তেওঁ মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰিব৷ ৰাহুল গান্ধীয়ে এইক্ষেত্রত মধ্যস্থতা কৰিছিল৷ কিন্তু এতিয়া ৰাহুল গান্ধী দলৰ কোনো দায়িত্বত নাই৷ সেয়ে সিং দেউৱে নিজৰ দাবী উত্থাপন কৰিব পৰা কোনো কর্তৃপক্ষও নোহোৱা হ’ল৷ এনে এক অৱস্থাত ভূপেশ বাঘেল চৰকাৰৰ বাবে বিৰোধী দলতকৈও অধিক মূৰৰ কামোৰণি হৈ পৰিছে স্বাস্থ্যমন্ত্রী সিং দেউ৷ কিয়নো তেৱেঁই ভূপেশ বাঘেলৰ বিৰুদ্ধে বিসম্বাদৰ আঁত ধৰা আৰম্ভ কৰিছে৷

অহা বছৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া গুজৰাটতো কংগ্রেছৰ অৱস্থা বর্তমান থৰক–বৰক৷ ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নগৰপালিকা নির্বাচনত কংগ্রেছৰ প্রদর্শন আছিল অতি শোচনীয়৷ ৬খন চহৰত অনুষ্ঠিত নগৰপালিকা নির্বাচনত ৫৭৬খন আসনৰ মাত্র ৫৫খনত জয়লাভ কৰে কংগ্রেছ দলে৷ ২০১৫ত কংগ্রেছৰ আসনৰ সংখ্যা আছিল ১৭৪খন৷

ইপিনে, কংগ্রেছৰ কার্যকৰী সভাপতিৰ দায়িত্ব গ্রহণ কৰা, পাটিদাৰ আন্দোলনৰ নেতা হার্দিক পেটেলৰো দলৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে৷ কংগ্রেছৰ আজিৰ অৱস্থা অব্যাহত থাকিলে গুজৰাটত আন এক শোচনীয় ফলাফলৰ সন্মুখীন হ’ব লাগিব দলটো৷ একে সময়তে যুৱ নেতাসকলৰ বিদ্রোহ–কংগ্রেছৰ বাবে আন এক সংকটৰ কাৰণ হৈ উঠিছে৷ ২২গৰাকী বিধায়কসহ দল ত্যাগ কৰি জ্যোতিৰাদিত্য সিন্ধিয়াই মধ্যপ্রদেশত কংগ্রেছ চৰকাৰৰ পতন ঘটালে৷ কংগ্রেছত বিচৰা মর্যাদা লাভ নকৰা বাবেই সিন্ধিয়াই এনে চৰম পন্থা ল’বলগীয়া হ’ল৷ তাৰ পাছত মহাৰাষ্ট্রৰ মিলিন্দ দেওৰা, ঝাৰখণ্ডৰ দায়িত্বত থকা আৰ এন পি সিঙকে ধৰি কেইবাগৰাকীও যুৱ নেতা দলৰ মজিয়াত একাষৰীয়া হৈ পৰিছে৷ সাতে সোতৰই মিলি প্রতিখন ৰাজ্যতে কংগ্রেছত চলিছে বঙহৰ যুঁজ৷

অসমতো প্রদেশ কংগ্রেছৰ সভাপতিকেন্দ্রিক যুঁজখনো ক্রমাৎ অধিক তিক্ততাৰ দিশলৈ গতি কৰিছে৷ শেহতীয়া বিধানসভা নির্বাচনত অসমৰ লগতে পশ্চিমবংগ আৰু কেৰালাতো শোচনীয় বিপর্যয়ৰ সন্মুখীন হ’ল কংগ্রেছ দল৷ অথচ কেৰালাৰ ৱাইনাড সমষ্টিৰ সাংসদ হ’ল ৰাহুল গান্ধী৷ ক্রমাগত পৰাজয়ে কংগ্রেছ দলৰ ওপৰত গান্ধী পৰিয়ালৰ কর্তৃত্ব সন্দর্ভত অনেক প্রশ্ণৰ অৱতাৰণা কৰিছে৷ যাৰ পৰিণতিত ৰাজ্যই ৰাজ্যই আৰম্ভ হৈছে ভয়াৱহ বিসম্বাদ–বিদ্রোহ৷ অথচ এনে এক সংকটৰ মুহূর্ততো কংগ্রেছে স্থায়ী ৰাষ্ট্রীয় সভাপতি এগৰাকী নির্বাচন কৰিব পৰা নাই৷

২০১৯ চনৰ মে’ মাহৰ পৰাই ছোনিয়া গান্ধীক ভাৰপ্রাপ্ত সভানেত্রী হিচাপে লৈ কংগ্রেছ দল পৰিচালিত হৈ আছে৷ কংগ্রেছৰ এই বিপর্যয় দেখি ইউ পি এৰ অংশীদাৰ দলসমূহেও আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন ৰাজ্যত শক্তিশালী অৱস্থান থকা আঞ্চলিক দলসমূহে কংগ্রেছক একাষৰীয়া কৰি ইতিমধ্যে তৃতীয় মর্চা গঠনৰ প্রস্তুতি আৰম্ভ কৰিছে৷ শনিবাৰে মহাৰাষ্ট্রত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সফল ৰাজনৈতিক ৰণনীতিকাৰ প্রশান্ত কিশোৰৰ মাজত হোৱা ভোজমেলত তাৰেই প্রিণ্ট ৰচনা হোৱা বুলি ব্যাপক চর্চা চলিছে৷ দেশৰ ৰাজনীতিত শেহতীয়া আৱহাৱাই কংগ্রেছ দল একাষৰীয়া হৈ পৰাৰ ইংগিতেই বহন কৰিছে৷ কাজেই কংগ্রেছৰ মুখ্য কার্যালয় ২৪ আকবৰ ৰোডতো সংকটৰ ডাৱৰ ক্রমাৎ ঘনীভূত হৈ পৰিছে৷

Featured