নিয়মীয়া বাৰ্তা ২১ জুলাইঃ ইজৰাইলী চোৰাংচোৱা প্রযুক্তি পেগাছাছে দেশৰ বহু ৰাজনীতিক, সাংবাদিক, ব্যৱসায়ী তথা বিশিষ্ট ব্যক্তিৰ ফোন টেপিং কৰাৰ অভিযোগত চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হয় বিৰোধী৷ পেগাছাছৰ ফোন টেপিঙৰ ক্ষেত্রত চৰকাৰৰ পৰা উত্তৰ বিচাৰি বিৰোধীয়ে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ ফলত সংসদৰ বর্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাম–কাজো ব্যাহত হৈ পৰে৷ দ্বিতীয় দিনা উভয় সদনৰ কাম–কাজ বন্ধ ৰাখিবলগীয়া হয় কংগ্রেছসহ বিৰোধী সাংসদসমূহৰ তীব্র আপত্তিৰ বাবে৷
উল্লেখনীয় যে ইজৰাইলী প্রতিষ্ঠান এনএছ’ৰ তৰফৰ পৰা পেগাছাছ ক্রয় কৰিছে ভাৰতসহ বিশ্বৰ বিভিন্ন দেশে৷ বিৰোধীৰ এক হুলস্থূলৰ মাজতে প্রধানমন্ত্রী মোদীয়ে কংগ্রেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে বিজেপি সাংসদসকলক সত্য তথা ভাল কামৰ জৰিয়তে প্রত্যুত্তৰ দিবলৈ আহ্বান জনাইছে৷ কংগ্রেছসহ বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্র চলোৱা বুলি আক্ষেপ প্রকাশ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে জনসাধাৰণৰ কল্যাণ তেওঁলোকে নিবিচাৰে৷
ইফালে, পেগাছাছ বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাৰ কাম–কাজ ব্যাহত হৈ পৰাৰ পিছত কংগ্রেছে বিষয়টোক লৈ যৌথ সংসদীয় কমিটীৰ তদন্তৰ দাবী কৰিছে৷ লক্ষণীয়ভাৱে মঙলবাৰে পাঁচ বজাত ক’ভিড–১৯ সন্দর্ভত চৰকাৰে বিৰোধী পক্ষক সকলো প্রশ্ণৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লয়৷ ভাৰতত এই বিষয়টোক লৈ উত্তাল পৰিস্থিতি চলি থকাৰ সময়তে ইজৰাইলী প্রতিষ্ঠান এনএছ’ই স্পষ্টীকৰণ দি কৈছে যে প্রতিষ্ঠানটোৱে মাত্র চৰকাৰক পেগাছাছ ছফ্টৱেৰ যোগান ধৰি আছে৷ বাকী কাম–কাজত সংস্থাটোৰ হাত নাই৷