লোভনীয় চাকৰি এৰি খুলিছিল চিংৰাৰ দোকান! কোটিপতি হ’ল যুৱক…

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ বেচৰকাৰী চাকৰিত উচ্চ হাৰত বেতন দিলেও সেই চাকৰিৰ কোনো নিশ্চয়তা নাই। লগতে এনে চাকৰিত নাথাকে কোনো স্বাধীনতা। কাৰণ এনেসমূহ চাকৰিত উপৰলাৰ সকলো নিৰ্দেশ মানি চলিবলগীয়া হয় । কিন্তু ইয়াৰ বিপৰীতে ব্যৱসায়ত থাকে নিজা স্বাধীনতা।
গুগল-ত একাউন্ট ষ্ট্ৰেটেজিষ্ট হিচাপে কৰ্মৰত এজন যুৱক মুনাফে লোভনীয় চাকৰি এৰি নিজে আৰম্ভ কৰে এখন চিংৰাৰ দোকান। য’ত পোৱা যায় গৰম চিংৰাৰ সৈতে ভিন্ন প্ৰকাৰৰ সুস্বাদু চাটনি। যাৰ পাছতে তেওঁৰ দোকানৰ সন্মুখত ভিৰ কৰিবলৈ ধৰে অজস্ৰজনে। কেৱল সাধাৰণ জনতাই নহয় বলীউডৰ বিগ বি অমিতাভ বচ্চন, ঋতিক ৰোশন, ৰানী মুখাৰ্জীৰ দৰে তাৰকাসকলেও তেওঁৰ দোকানৰ সোৱাদ লৈ প্ৰশংসা কৰিছে।
কেৱল চিংৰাই নহয়, এতিয়া নৰগিছ কাবাব, ডাব্বা গোস্ত আদিৰ ৰেচিপি চুপাৰহিট হৈ পৰিছে। লগতে তেওঁৰ দোকানৰ বিশেষ মাটন চিংৰাই সকলোৰে সমাদৰ পাইছে।
বছৰি এতিয়া প্রায় ৫০ লাখ টকাৰ উপার্জন মুনাফৰ।