ৰাঁচীৰ হাস্পতালত চিকিৎসকৰ সোণৰ চেইনক লৈ বিড়ম্বনা

বিশেষ বাৰ্তা, ২৯ মেঃ আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পাবলৈ মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিয়া সোণৰ চেইন  গিলি পেলাইছিল চোৰে ৷ এই চোৰৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাই মূৰে–কপালে হাত দিবলগীয়া হৈছে চিকিৎসকে ৷ ঘটনাটো ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ছলমন আৰু জাফৰ নামৰ দুই চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিছিল ৷ মটৰচাইকেলত অহা চোৰ দুটাৰ আৰক্ষীয়ে পিছ লয় ৷ আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পাবলৈ ছলমন নামৰ চোৰটোৱে সোণৰ চেইনডাল গিলি দিয়ে ৷ সোণৰ চেইনডাল ছলমনৰ ডিঙিত লাগি ধৰে। চিকিৎসকে অস্ত্রোপচাৰ কৰিবলৈও ভয় খায় ৷ বর্তমান ৰাঁচীৰ হাস্পতালতে আছে চেইন ভক্ষণকাৰী ছলমন৷

Featured