‘শ্বিলং টাইমছ’ৰ সম্পাদক পেট্রিচিয়াৰ গোচৰ বন্ধ ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ  ‘শ্বিলং টাইমছ’ৰ সম্পাদক পেট্রিচিয়া মুখিমৰ বিৰুদ্ধে অপৰাধ গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে৷ ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত মুখিমৰ বিৰুদ্ধে শীর্ষ আদালতখনত গোচৰ তৰিছিল মেঘালয়ৰ এখন গাঁৱৰ জনজাতীয় কমিটীয়ে৷ ‘দৰবাৰ স্নং’ হিচাপে জনা যায় জনজাতীয় গাঁৱৰ পৰিচালনা কমিটীক৷ ৪ জুলাইত ফেচবুক পোষ্টযোগে কৰা বিতর্কিত মন্তব্যৰ পিছতে সম্পাদকগৰাকীৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল৷

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি এল এন ৰাও আৰু এছ ৰবিন্দ্র ভাটৰ বিচাৰপীঠে মুখিমৰ আবেদনৰ প্রতি ইতিবাচক সঁহাৰি দিছে৷ মুখিমে আবেদনখনত উল্লেখ কৰিছিল যে তেওঁৰ বিৰুদ্ধে চলাই থকা গোচৰ বন্ধ কৰিব লাগে৷ কাৰণ তেওঁৰ মতপ্রকাশৰ স্বাধীনতা আছে৷ ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ), ৫০০ আৰু ৫০৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল শ্বিলং টাইমছৰ সম্পাদকগৰাকীৰ বিৰুদ্ধে৷

স্মর্তব্য যে ফেচবুক পোষ্টত অজনজাতীয় যুৱক একাংশক আক্রমণ কৰা ঘটনাক গৰিহণা দিছিল পেট্রিচিয়া মুখিমে৷ অকল সেয়াই নহয়, এইক্ষেত্রত মেঘালয়ৰ মুখ্যমন্ত্রীৰ হস্তক্ষেপো দাবী কৰিছিল সাহসী সাংবাদিকগৰাকীয়ে৷