ত্রিপুৰা স্বায়ত্ত জিলা পৰিষদৰ নির্বাচনত শাসকীয় বিজেপি মিত্রজোঁটৰ পৰাজয়

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ত্রিপুৰা স্বায়ত্ত জিলা পৰিষদৰ নির্বাচনত শাসকীয় বিজেপি মিত্রজোঁটে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ স্বায়ত্ত জিলা পৰিষদখনৰ ২৮খন আসনৰ ভিতৰত শাসকীয় বিজেপিয়ে মাত্র ৯খন আসন লাভ কৰিবলৈ সক্ষম হয়৷

নির্বাচনত নতুনকৈ গঠিত দ্য ইণ্ডিজিনিয়াছ প্র’গ্রেছিভ ৰিজনেল এলায়েঞ্চ, চমুকৈ টিপৰাই ১৮খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয়৷ টিপৰা হৈছে ৰাজ্যখনৰ ৰাজপৰিয়ালৰ প্রদ্যুৎ মাণিক্য দেৱবর্মনৰ নেতৃত্বত নতুনকৈ গঠিত দল৷ উল্লেখ্য যে নাগৰিকত্ব আইনক লৈ কংগ্রেছৰ সৈতে মতভেদ হোৱাত যোৱা ছেপ্ঢেম্বৰত প্রদ্যুৎ মাণিক্য দেৱবর্মনে ৰাজ্যখনৰ কংগ্রেছৰ সভাপতি পদ ত্যাগ কৰিছিল৷ স্বায়ত্ত জিলা পৰিষদৰ ৩০খন আসনৰ ভিতৰত ২৮খন নির্বাচনৰ জৰিয়তে আৰু দুখন আসন ৰাজ্যপালৰ দ্বাৰা মনোনীত হয়৷