খালৈগাঁৱত চেলুনত সংলগ্ন ক্ষুদ্ৰ পুথিভঁৰাল উন্মোচন

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: নগাঁও জিলাৰ খালৈগাঁৱত ‘চিকুন মহল’ নামৰ চেলুন আৰম্ভ কৰা জিলমিল বৰদলৈ ওৰফে দীপ বৰদলৈ বহুতৰে বাবে প্ৰশংসাৰ পাত্ৰহৈ উঠিছে। কিয়নো জিলমিলে তেওঁৰ চেলুনখনৰ লগত ক্ষুদ্ৰভাবে সংলগ্ন কৰিছে এটি পুঁথিভৰাল। জিলমিলৰ এই ইতিবাচক প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে অসমৰ প্ৰতিষ্ঠিত প্ৰকাশণ গোষ্ঠী আলিবাট প্ৰকাশনৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই। আজি জিলমিল ওৰফে দীপ কুমাৰ বৰদলৈৰ এই ‘চিকুন মহল’ নামৰ এই চেলুনখনৰ লগত সংলগ্ন ক্ষুদ্ৰ পুথিভঁৰালটো উন্মোচন হয়।অঞ্চলটোৰ বিশিষ্ট কবি কেশৱ বৰা,সমাজকৰ্মী শিৱৰাম বৰদলৈ, গুৰুপ্ৰসাদ বৰদলৈ, লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিচিত্ৰমোহন ডেকা,বেংক বিষয়া গজেন্দ্ৰ ভড়ালী,সমাজকৰ্মী মুকুন্দ বৰা , লক্ষীনন্দন ডেকা, কবি দীপালী বৰদলৈ, বিষ্ণু বৰা,লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল কুমাৰ নাথ, বিশিষ্ট কুইজাৰ চন্দ্ৰজিৎ দাস, ‘দৈনিক অসম’ৰ সাংবাদিক চন্দনজ্যোতি বৰা আদিৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই ক্ষুদ্ৰ পুথিভঁৰালটো উন্মোচন হয়।আলিবাট প্ৰকাশণ গোষ্ঠীৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই সভাখনৰ আঁত ধৰে।

উল্লেখ্য যে ‘চিকুন মহল’ নামৰ এই চেলুনখনৰ লগত ক্ষুদ্ৰ পুথিভঁৰালটো সংলগ্ন কৰাৰ সম্পৰ্কত জিলমিল বৰদলৈয়ে কয় যে-‘ সৰুৰে পৰাই গ্ৰন্থ অধ্যয়নৰ এক আগ্ৰহ আছিল।ক্ষুৰ-কেচীৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ সংগ্ৰামখন দেখাৰ পিচতো হৃদয়ত এটা ক্ষুদ্ৰ পুথিভঁৰাল স্থাপনৰ সপোনটো পালন কৰি ৰাখিছিলো।চুলি কটাবলৈ অহা গ্ৰাহক সকল দীঘলীয়া সময় যেতিয়া অপেক্ষা কৰে, তেতিয়া দেখিছিলো তেওঁলোক বিৰক্ত হয়।গ্ৰাহক সকলৰ বিৰক্তি নাইকীয়া কৰিবৰ বাবেই চেলুনত দুই এখন আলোচনী ৰখাৰ ব্যৱস্থা কৰিছিলো।দেখিছিলো ৰৈ থকা সময়খিনিত চুলি কটাবলৈ অহা লোকখিনিয়ে এই আলোচনী সমূহ আগ্ৰহৰে পঢ়িছে।সেয়ে গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্তৰ লগত আলোচনা কৰি চেলুনত গ্ৰন্থ ৰখাৰ ব্যৱস্থা কৰিছো।এতিয়াও ই পুথিভঁৰাললৈ ৰূপান্তৰিত হোৱা নাই।প্ৰায় এশখন মান গ্ৰন্থ বৰ্তমান আমি ৰাখিছো।ভৱিষ্যতে এই প্ৰচেষ্টা সম্প্ৰসাৰিত হব।’

তাৎপৰ্যপূৰ্ণ যে আজি চেলুনৰ লগত সংলগ্ন ক্ষুদ্ৰ পুথিভঁৰালটো উন্মোচনৰ সভাখনত স্থানীয় লাচিত বৰফুকন মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।সভাখনত কুইজাৰ চন্দ্ৰজিৎ দাসে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি কয় যে-ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিগত গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰিও অন্য গ্ৰন্থও অধ্যয়ন কৰা উচিত।যাতে তেওঁলোকে আমাৰ ইতিহাস,সংস্কৃতি আৰু সাহিত্যৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে।’ সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে-মুদ্ৰিত গ্ৰন্থৰ আদৰ সদায় থাকিব। ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণে ছপা আখৰৰ আগ্ৰহ কমাব নোৱাৰে।’ তেওঁ প্ৰসংগ ক্ৰমে আজিও জনপ্ৰিয়হৈ থকা লিভাৰিয়া বাৰ্ট্ৰেণ্ড নামৰ বিশ্বৰ পুৰণি গ্ৰন্থৰ দোকানখনৰ কথা উল্লেখ কৰি কয় যে-জিলমিল বৰদলৈৰ এই প্ৰচেষ্টাই গ্ৰামাঞ্চলত এক নীৰৱ গ্ৰন্থ বিপ্লৱ গঢ়ি তুলিব। আলিবাট প্ৰকাশনৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই গ্ৰন্থৰ জৰিয়তে অসমতেই নহয়,ভাৰতবৰ্ষত সমাদৃতহৈ পৰা লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ কথা উল্লেখ কৰে।

বেংক বিষয়া গজেন্দ্ৰ ভড়ালীয়ে কয় যে- জ্ঞানেই হৈছে শক্তি।সেই জ্ঞান গ্ৰন্থ অধ্যয়নৰ পৰা আহে।অসমৰ চুকে কোণে চুলি কটা দোকান সমূহৰ লগত এটা ক্ষুদ্ৰ পুথিভঁৰাল সংলগ্ন হওক।’ উল্লেখযোগ্য যে সভাখনতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া বিষ্ণু বৰাই জনপ্ৰিয় আলোচনী ‘প্ৰান্তিক’ খন নিয়মীয়াকৈ উপলব্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।