চৰাইদেউত গুণোৎসৱৰ মাজতে শিক্ষকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ৰাজ্যত বিগত দুটা বৰ্ষৰ অন্তত পুনৰ চৰকাৰে অনুষ্ঠিত কৰা বিদ্যালয়সমূহৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ মূল্যায়ণ কাৰ্যসূচী চলি থকাৰ মাজতে আজি পুৱা চৰাইদেউ জিলাত এজন প্ৰধান শিক্ষকে গুণোৎসৱৰ মাজতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যুক আকোঁৱালী লয় । প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ সাপেখাতি শিক্ষা খণ্ডৰ অন্তৰ্গত তথা চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধীনষ্ঠ হাঁওফাঁও প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ ৩৪৯ নং চাওঁৰাঙ্গবাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লাচিত বড়া আজি পুৱাতে হঠাৎ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোঁৱালী লয় । জানিব পৰা অনুসৰি, প্ৰয়াত বড়া আজি তেখেতৰ কৰ্মৰত বিদ্যালয়খনত গুণোৎসৱৰ বহিঃমূল্যায়ণ আছিল । অত্যাধিক মানসিক চাপৰ বাবেই শিক্ষকজন হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অতি কৰুণভাৱে মৃত্যুক আকোঁৱালী হোৱা ঘটনাক গভীৰ শোক প্ৰকাশ কৰিছে চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । সন্মিলনীৰ জিলা সমিতিৰ সভাপতি দীননাথ পাংগিং আৰু সম্পাদক ৰতন গগৈয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা অৱগত কৰিছে ।

প্ৰেৰক:-দীপাংকৰ পাল