ছিপাঝাৰত বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস উদযাপন

নিয়মীয়া বাৰ্তা,২৪এপ্ৰিল: ছিপাঝাৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰী বুক ক্লাৱ, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত দিনজোৰা কাৰ্যসুচীৰে বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখিনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিকা ড০ নিৰ্মালি চক্ৰৱৰ্তীয়ে। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি “গ্ৰন্থৰ ডেউকা” শীৰ্ষক বিষয়ত এক অধ্যয়ন পুষ্ট আৰু মননশীল বক্তৃতা অগবঢ়াই বিশিষ্ট গল্পকাৰ তথা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ইমৰাণ হুছেইনে।সভাত মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰত্যাশী শৰ্মাৰ দ্বাৰা অংকিত আৰু ছাত্ৰ নৃবৰাই শঙ্কৰৰ দ্বাৰা কম্পিউটাৰাইজড কৰা লাইব্ৰেৰী বুক ক্লাবৰ প্ৰতীক চিহ্নটি অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ ডেকাই আনুষ্ঠানিক ভাবে মুকলি কৰে। লগতে মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰ ছাত্ৰীক ২০২১ বৰ্ষৰ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰৰ শ্ৰেষ্ঠ পঢ়ুৱৈ হিচাপে নিৰ্বাচন কৰি সভাত প্ৰমাণপত্ৰ প্ৰদান কৰাও হয়। ইয়াৰোপৰি যিসকল অধ্যাপক অধ্যাপিকাই তেখেতসকলৰ জন্মদিন উপলক্ষে গ্ৰন্থগাৰত গ্ৰন্থ দান কৰি আহিছে তেখেত সকলক একো খনকৈ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়। বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ এখনি প্ৰদৰ্শনীও অনুস্থিত কৰা হয়। উক্ত গ্ৰন্থ প্ৰদৰ্শনী খনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড ৰাম চন্দ্ৰ ডেকাইদ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড হিমাক্ষী বৰদলৈয়ে শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।‌