নগাঁৱত পশুধনৰ সুষম খাদ্য আৰু ঘাঁহ উৎপাদন সম্পৰ্কীয় সজাগতা কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ: ৰাষ্ট্ৰীয় পশুধন অভিযান চমুকৈ এন এল এমৰ সৌজন্যত আৰু নগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজিৰে পৰা নগাঁও চহৰৰ আমোলাপট্টি স্থিত নগাঁও নাট্য মন্দিৰ প্ৰেক্ষাগৃহত পশুধনৰ সুষম খাদ্য আৰু ঘাঁহ উৎপাদন শীষক এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । মূলত: জিলাখনৰ যুৱ আৰু ক্ষুদ্ৰ পশুপালক সকল সামৰি অনুষ্ঠিত কৰা এই কৰ্মশালাত ৫০ গৰাকী পশুপালকে অংশগ্ৰহণ কৰে। কৰ্মশালাখন উদ্বোধন কৰে নগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডা: নিৰঞ্জন ডেকাই ।আনহাতে কৰ্মশালাৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত সভাপতিত্ব কৰে নগাঁও জিলা পশুপালন বিষয়া ডা: শান্তনু খাউণ্ডে। সভাত নগাঁও জিলা গো-উন্নয়ন বিষয়া ডা: প্ৰবীৰ শইকীয়া , জিলা ঘাঁহ উন্নয়ন বিষয়া ডা: নিৰেন দাস , ডা:অৰিন্দম গাৰ্গ প্ৰমুখ্যে কেইবা গৰাকী চিকিৎসক আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ আজি প্ৰথম দিনটোত কৃষি বিজ্ঞানী ড: অনিমেষ ডেকাই পশুপালক সকলক প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে ক্ষুদ্ৰ পশুপালনৰ লগত জড়িত জিলাখনৰ যুৱ পশুপালক সকলৰ মাজত পশুধনৰ সুষম খাদ্য আৰু ঘাঁহ উৎপাদনৰ ক্ষেত্রত প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা বুলি জিলা পশুপালন বিষয়া শান্তনূ খাউণ্ডে জানিবলৈ দিয়ে ।