নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি

নিয়মীয়া বাৰ্তাঃ ৩১ জুলাই :  নাজিৰা মহকুমা ছাত্ৰ সন্হাৰ উদ্যোগত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থা,নাজিৰা নাট্য সমিতি আৰু বহ্নিমানৰ সহযোগত যোৱা ৭ জুলাইৰ পৰা নাট্য মন্দিৰত আয়োজিত হৈ থকা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ  যোৱা নিশা আনুষ্ঠানিকভাৱে  সামৰণি পৰে।সন্ধিয়া আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে নাট কৰ্মশালাৰ আয়োজক সমিতিৰ সভাপতি তথা শিক্ষাবিদ ড° জীৱন কলিতাই।উক্ত সভাত নাট কৰ্মশালাৰ লগত সংগতি ৰাখি ভাস্কৰজ্যোতি মহন্ত সম্পদনাত প্ৰকাশ কৰা “নাটঘৰ” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ শইকীয়া আৰু নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্তই।ইয়াৰ পিছতে কৰ্মশালাত প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীসকলৰ দ্বাৰা মঞ্চস্থ  কৰা   ” টং টং অঘাইটং ” নাটকখন শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈয়ে।উক্ত সভাত নাট্য কৰ্মী ধীৰু ভূঞা,নাজিৰা নাট্য সমিতিৰ সম্পাদক প্ৰসেনজিৎ বৰুৱা,জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা,আছু নেতা পৰাগ দত্তৰ লগতে কেইবাগৰাকিও ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে।নাটকৰ শেষত প্ৰশিক্ষাৰ্থীসকলৰ আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰে গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ আয়োজক সমিতিয়ে।পঞ্চমবাৰ্ষিক  গ্ৰীষ্মকালীন নাট কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি তথা নাট কৰ্মশালাৰ আয়োজক সমিতিৰ মূখ্য সম্পাদক দেৱজিত গগৈয়ে।