মুকলি আকাশৰ তললৈ প্রণীতা চুতীয়া; কাইলৈ গুৱাহাটীত অংশ ল’ব উশ্বু প্রতিযোগিতাত

  • আলফাত যোগদান কৰিম বুলি ফেচবুকত পোষ্ট দি গ্রেপ্তাৰ হৈছিল মৰাণৰ প্রতিভাৱান যুৱ খেলুৱৈগৰাকী
  • ব্যাপক জনমত–প্রতিবাদৰ পাছত ডেৰ মাহৰ অন্তত জামিন মঞ্জুৰ প্রণীতাৰ

 

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিল মৰাণৰ যুৱ খেলুৱৈ প্রণীতা চুতীয়া৷ ডেৰ মাহজোৰা আইনী যুঁজ, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে ৰাজ্যজুৰি যুৱ খেলুৱৈগৰাকীৰ মুক্তিৰ দাবীত হোৱা প্রতিবাদৰ অন্তত কালি প্রতিশ্রুতিসম্পন্ন খেলুৱৈগৰাকীক চৰাহদেউ জিলা সত্র ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ (বি)/১২১/১২১ (এ) আৰু হউ এ (পি) আইনৰ ধাৰা ১০/১৩/১৮ (বি)/ৰ লগতে তথ্য–প্রযুক্তি আইনৰ ধাৰা ৬৭ৰ অধীনত ৩৬/২০২২ নম্বৰত বিচাৰাধীন গোচৰৰ ভিত্তিত অধিবক্তা জাকিৰ হুছেইনৰ তত্ত্বাৱধানত চৰাহদেউ জিলা সত্র ন্যায়াধীশৰ আবু চালেহ পর্তুজা লস্কৰৰ আদালতত ৰায়ৰ অন্তত  প্রণীতাৰ জামিনৰ পথ প্রশস্ত হয়৷

উল্লেখ্য যে মৰাণৰ প্রতিশ্রুতিসম্পন্ন বক্সিং, উশ্বু খেলুৱৈ প্রণীতা চুতীয়াই সামাজিক মাধ্যম ফেচবুকৰ এটা প’ষ্টত ‘আলফাৰ লিংক পালে ময়ো যাম আলফাত, আই লাভ আলফা’ বুলি এটা মন্তব্য কৰাৰ পাছত চৰাহদেউ আৰক্ষীয়ে ১৭ জুনত ঘৰৰ পৰাই আটক কৰি নিছিল প্রণীতাক৷ মৰাণহাট থানাৰ ৩৬/২২ নম্বৰৰ গোচৰৰ ভিত্তিত প্রণীতাক পিছদিনাই গ্রেপ্তাৰ কৰি শিৱসাগৰ জিলা কাৰাগাৰলৈ প্রেৰণ কৰা হৈছিল৷

ইফালে, প্রণীতাৰ গ্রেপ্তাৰৰ পাছতে সমগ্র ৰাজ্যজুৰি প্রণীতাৰ মুক্তিৰ দাবীত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমযোগে প্রতিবাদৰ জোৱাৰ উঠে৷ আনহাতে, প্রণীতাই জে’লত থকাৰ সময়তে ৭ আৰু ৮ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম আন্তঃজিলা ছিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপৰ বাবে নির্বাচিত হোৱাৰ খবৰ পৰিয়ালে লাভ কৰিছিল৷ উক্ত প্রতিযোগিতাত প্রণীতাই অংশগ্রহণ কৰিব পাৰিব নে নোৱাৰে এই  লৈ পৰিয়ালৰ লোক সন্দিহান হৈ পৰিছিল৷ সেয়ে প্রণীতাৰ পিতৃ–মাতৃয়ে সংবাদ মাধ্যমযোগে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রণীতাক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাহছিল৷ বিভিন্ন দল–সংগঠনেও প্রতিভাসম্পন্ন খেলুৱৈগৰাকীক শীঘ্রে মুক্তিৰ দাবী জনাহছিল৷

উল্লেখ্য যে মৰাণ ৰাহদঙীয়া নিৱাসী পদ্ম চুতীয়া আৰু পূর্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্রণীতাই ২০১৫ বর্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জডিত হৈ ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ত পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে দুদিনৰ পাছত গুৱাহাটীত অনুষ্ঠিতব্য সদৌ অসম আন্তঃজিলা ছিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপৰ বাবে নির্বাচিত হৈছে৷ আনহাতে,  ডেৰ মাহৰ অন্তত প্রণীতা মুকলি আকাশৰ তললৈ অহাত মৰাণ ৰাহদঙীয়াৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷