সোণাৰিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ নিচা মুক্ত অভিযান ‘ ৰ অংশ স্বৰূপে কালি নিশা সোণাৰি নগৰৰ থুকুবিল আৰু চেনিগুদাম অঞ্চলত সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ এখন বাহন জব্দ কৰে আৰক্ষীয়ে। চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত সোণাৰি আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে গাঞ্জাসমূহ । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে থুকুবিল অঞ্চলৰ ৰাজু গগৈৰ ঘৰত অভিযান চলাই তেওঁৰ AS 04 J 7427 নম্বৰৰ অল্টখনৰ ইঞ্জিনৰ ভিতৰত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। ইফালে আৰক্ষীৰ উমান পাই গাঞ্জাখিনিৰ গৰাকী বৰা কৌশলেৰে পলাই যাবলৈ সক্ষম হয় । পাছত গাড়ীখনৰ সৈতে গাঞ্জাসমূহ দলটোৱে থানালৈ লৈ আহে । অভিযানত উদ্ধাৰ কৰা হয় গাঞ্জাখিনি মূল্য কেইবালক্ষাধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰেৰক :-দীপাংকৰ পাল।