অসম গ্ৰামীণ বিকাশ বেংক আমচৈ শাখাৰ সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ অসম গ্ৰামীণ বিকাশ বেংক আমচৈ শাখাৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেঙ্কৰ সহযোগত অলপতে আমচৈ চাহ বাগিচাত থকা দক্ষতা বিকাশ কেন্দ্ৰৰ সভাকক্ষত এখন গাঁওভিত্তিক সজাগতা সভা অনুষ্ঠিত হয় ।

এই সজাগতা সভাত সভাপতিত্ব কৰে আমচৈ চাহ বাগিচাৰ সহযোগী পৰিচালক ভাগ্যধৰ তাঁতীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম গ্ৰামীণ বিকাশ বেংক আমচৈ শাখাৰ পৰিচালক নীলু দাসে ভাষণ প্ৰসঙ্গত বেঙ্কৰ গ্ৰাহকসকলে বেঙ্কত পালিবলগীয়া নিয়ম-নীতিৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে আত্মসহায়ক গোটসমূহে বেংকত ল’বলগীয়া ভূমিকাৰ বিষয়েও বক্তব্য ৰাখে ।

সভাত বেংক মিত্ৰ ভাৰতী নায়কে ভাষণ দি বৰ্তমান সময়ত আত্মসহায়ক গোটসমূহে সন্মুখীন হোৱা সম্প্ৰচাৰ বিষয়ে কয়।  গ্ৰামাঞ্চলত কম পুঁজিত কেনেকৈ আত্মসহায়ক গোটসমূহে উদ্যোগ গঢ়ি তুলিব পাৰে, এই বিষয়ে বক্তব্য ৰাখে গোপাল উপাধ্যায়ে । এই সজাগতা সভাত পোন্ধৰটাতকৈ আত্মসহায়ক গোটৰ সদস্যাসকল আৰু চিএছপিৰ বেংক মিত্ৰসকলে অংশগ্ৰহণ কৰে ।