বাক্সাৰ জালাহত আঠ কোটি টকাৰ পকী পথৰ আধাৰশিলা স্থাপন কৰিলে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰ : বাক্সা জিলাৰ জালাহত আজি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই জালাহৰ পৰা জিলাৰ সদৰ মুছলপুৰলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথটোৰ ৭.৫ কি:মি: দৈৰ্ঘ্যৰ পথছোৱা ৮.১ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, ” বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মহোদয়ে যিহেতু ককলাবাৰী  সমষ্টিৰ প্ৰতিনিধি সেয়ে তেওঁ প্ৰথমতে ৮.১ কোটি টকাৰে এই জালাহৰ পৰা জিলাৰ সদৰ মুছলপুৰলৈ যোৱা পথৰ ৭.৫ কি: মি: পথ পকীকৰণৰ কাম আৰম্ভ হৈছে। অতি শীঘ্রই এই পথটিৰ পকীকৰণৰ কাম সম্পূর্ণ কৰা হ’ব। ” জালাহৰ বিভিন্ন দিশ উন্নয়ন কৰা হ’ব বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই পুনৰ কয়, ” মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মহোদয়ে কোৱাৰ দৰে মইয়ো জালাহত এটা অডিটৰিয়াম অতি সোনকালে নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ সংযোগী  বিভিন্ন ৰস্তা নিৰ্মাণ কৰা হ’ব। ” অনুষ্ঠানত জালাহ ভিচিডিচিৰ চেয়াৰমেন দিজেন্দ্ৰ দাসকে আদি কৰি কেবাগৰাকী দলীয় নেতাই অংশগ্রহণ কৰে।