ডিব্ৰুগড়ৰ কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ আৰম্ভণি

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ আজিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড়ৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তগৰ্ত কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ স্বৰ্ণজয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আৰম্ভণি কাৰ্যসূচীত ৫০গৰাকী স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খনকৈ পতাকা উত্তোলন আৰু ৫০টা গছপুলি ৰোপণ কৰা হয়। প্ৰবীণ খাখলাৰী আৰু জয় বিকাশ গগৈয়ে গছপুলি ৰোপণ কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে স্বৰ্ণজয়ন্তীৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ সভাপতি অনিল দাসে। কাৰ্যসূচী অনুসৰি পুৱাৰ আৰম্ভণিতে বিদ্যালয়ৰ নৱনিৰ্মিত মূল প্ৰৱেশদ্বাৰ গায়ন বায়নেৰে উদ্বোধন কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই। ইয়াৰ পাছতেই বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক নলিনী কুমাৰ মজুমদাৰে। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি তথা দুলীয়াজান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ হেমন্ত দাসে। পৰৱৰ্তী কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতা পৰিচালনা কৰে অশ্বিনী গগৈয়ে। আনহাতে বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা আৰু ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰে বিধায়ক তেৰছ গোৱালাই। প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে জয়পুৰ শিক্ষাখণ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা জিলাৰ সমল ব্যক্তি নীলমাধৱ বড়াই। বিয়লি ভাগত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন উদ্বোধন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰোচন শৰ্মাই। কাৰ্যসূচীৰ অন্তিম ভাগত সমূহীয়া বন্তি প্ৰজ্বলনৰ পাছতেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানেৰে স্বৰ্ণজয়ন্তীৰ আৰম্ভণি কাৰ্যসূচী সফল সামৰণি পৰে। ইফালে কাইলৈ অনুষ্ঠিতব্য কাৰ্যসূচীত বাৰেৰহণীয়া শোভাযাত্ৰা, নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চক্ৰ, বক্তৃতানুষ্ঠান, মুকলি সভা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত কেইবাগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

প্ৰেৰক কৃষ্ণা গগৈ

Featured