বিজনীৰ বিষ্ণুপুৰতনিৰ্বাচনী হিংসাঃ ইউ পি পি এলৰ কাৰ্যালয়ত আক্ৰমণ, ক্ষতি

নিয়মীয়া বাৰ্তা , ৬ এপ্ৰিলঃ চিৰাং জিলাৰ বিজনী বিধাল সভা সমষ্টিৰ অধীনৰ বিজনী মহকুমাৰ
দুই নম্বৰ বিষ্ণুপুৰত পুৱতি নিশা দুৰ্বৃত্তই ইউনাইটেড পিপুলচ পাৰ্টী লিবাৰেল চমুকৈ ইউ পি পি এলৰ এটা নিৰ্বাচনী কাৰ্যালয়ত আক্ৰমণ চলাই কাৰ্যালয়টোৰ ক্ষতি সাধন কৰে | দুই নম্বৰ বিষ্ণুপুৰৰ মূল পথৰ দাঁতিত অৱস্থিত কাৰ্যালয়ত নিশা কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই কৰা আক্ৰমণত কাৰ্যালয়টোত আৰি থোৱা বেনাৰ, অস্থায়ী গৃহৰ কাপোৰ চিঙি পেলোৱাৰ লগতে চকী- টেবুলৰো ক্ষতি সাধন কৰে ৷ আজি তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোট দানৰ কেইঘন্টামান পূৰ্বে সংঘটিত হোৱা এই ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |এই ঘটনা সন্দৰ্ভত অৱশ্যে অদ্যপি ইউ পি পি এল দলৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই |