বিজনীত বিপিএফৰ প্ৰতিবাদী সমদল, মহকুমাধিপতিক স্মাৰক-পত্ৰ 

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ৰোনা অতিমাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সময়মতে অনুষ্ঠিত কৰিব পৰা নগ’ল বিটিচি নিৰ্বাচন। আনফালে বিটিচি চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত বিটিচিত প্ৰদান কৰা হ’ল ৰাজ্যপাল শাসন।

কিন্তু ক’ৰোনা মহামাৰীৰ বাবে সম্প্ৰতি অনিশ্চয়তাৰ দিশত বিটিচি নিৰ্বাচন, যাৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ প্ৰধান ৰাজনৈতিক দল বিপিএফে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে। আজি চিৰাং জিলাৰ বিজনীত বিজনী জিলা বিফিএফে অতি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী।

বিপিএফে অতিশীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা আৰু বিটিচিত ৰাজ্যপাল শাসন বৃদ্ধি নকৰিবলৈ চৰকাৰক দাবী জনাই এক প্ৰতিবাদী সমদল উলিয়াই বিজনী মহকুমাধিপতিক প্ৰদান কৰিলে স্মাৰক পত্ৰ। প্ৰতিবাদী কাৰ্যসূচীত ডেৰ শতাধিক বিপিএফৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইফালে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিজনীৰ বিধায়ক কমলছিং নাৰ্জাৰীয়ে ক’ৰোনাৰ অজুহাতৰ দোহাই দি ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচন পিছুৱাই পিছুৱাই বিপিএফক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ পৰিকল্পনা কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰে। তেওঁ লগতে পূজাৰ আগতে চৰকাৰক বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰে।