চাংসাৰি সভা–বিষ্ণু যজ্ঞত আশিস লৈ ৰাইজৰ কুশল প্রার্থনা ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ জালুকবাৰী সমষ্টিৰ ভিতৰতে অন্যতম ঐতিহ্যমণ্ডিত ধর্মীয় অনুষ্ঠান চাংসাৰি সভা আৰু বিষ্ণু যজ্ঞৰ সোমবাৰে সামৰণি পৰে৷ সোমবাৰে দিনৰ ১.৩০ বজাৰ পৰা সকলোৰে আকর্ষণীয় কার্যসূচী ভাগৱত প্রত্যাৱর্তনেৰে সামৰণি পৰে চাংসাৰি সভা আৰু বিষ্ণু যজ্ঞৰ৷ চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত সভা আৰু বিষ্ণু যজ্ঞৰ প্রথম দিনা গাঁওখনত চুবুৰিবিশেষে প্রতিষ্ঠিত মহাপুৰুষীয়া বৰসত্র, দামোদৰীয়া বৰসত্র, মহাপুৰুষীয়া সৰুসত্র, দামোদৰীয়া সৰুসত্র আৰু সনাতন সত্রৰ পৰা চাংসাৰি সভা আৰু বিষ্ণু যজ্ঞ উপলক্ষে পদূলিয়ে পদূলিয়ে বন্তি প্রজ্বলনেৰে শংখ, দবা, খোল–তাল, হৰেকৃষ্ণৰ মাংগলিক ধ্বনিৰে ভাগৱত আনয়ন শোভাযাত্রা উলিওৱা হৈছিল৷ আজি ভাগৱত প্রত্যাৱর্তন কার্যসূচীয়ে অনন্য মাত্রা প্রদান কৰা পৰিলক্ষিত হয়৷

কালি সন্ধিয়া চাংসাৰি সভা আৰু বিষ্ণু যজ্ঞস্থলীত উপস্থিত হয় জালুকবাৰীৰ বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা৷ তেওঁ আশিস গ্রহণ কৰাৰ লগতে ৰাইজৰ মংগলৰ বাবে প্রার্থনা জনায়৷ উল্লেখ্য যে চাংসাৰি পঞ্চায়তৰ উদ্যোগত ২৬ ফেব্রুৱাৰীৰ পৰা যথাবিহিত ধর্মীয় নীতিৰে চাৰিদিনীয়াকৈ ৮৯সংখ্যক চাংসাৰি সভা আৰু বিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছিল৷ চাংসাৰি পঞ্চায়তৰ সভাপতি মৃণাল কুমাৰ দেৱ নাথে পুৱা ৯ বজাত পতাকা উত্তোলন কৰি প্রথম দিনাৰ প্রথম কার্যসূচী মুকলি কৰাৰ পিছতে ধর্মধ্বজা উত্তোলন কৰে পঞ্চ সত্রৰ বুঢ়াডাঙৰীয়াসকলে৷ বিয়লি ৫ বজাত ভাগৱত আনয়ন যাত্রা আৰু প্রতিঘৰৰ পদূলিত বন্তি প্রজ্বলন৷ ৬ বজাত ভাগৱত পাঠ তথা বিষ্ণু পূজা৷ ইয়াৰ পিছত বিষ্ণু বন্দনা, ওজাপালি আৰু মহিলাৰ নাগাৰা নাম প্রদর্শিত হয়৷ ২৭ ফেব্রুৱাৰীত প্রভাত ফেৰী, ওজাপালিৰ বিষ্ণু বন্দনা, আয়তীসকলৰ নাম–প্রসংগ, বাপুসকলৰ নাম–কীর্তন আৰু নাগাৰা নাম পৰিৱেশন কৰা হয়৷ কালি যথাবিহিত মাংগলিক কার্যসূচীৰ লগতে আবেলি ৩ বজাত ধৰণী নাথৰ নাগাৰা নাম প্রদর্শিত হয়৷ সন্ধিয়া ৬ বজাত সম্বর্ধনা আৰু মুকলি সভাত অংশগ্রহণ কৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চাংসাৰি পঞ্চায়তৰ সভাপতি মৃণাল কুমাৰ দেৱ নাথে৷ ভক্তিপ্রাণ ৰাইজৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা জনাইছে সম্পাদক বসন্ত কুমাৰ নাথে৷