ঢকুৱাখনাত নদীৰ গৰা খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   ঢকুৱাখনা মহকুমাৰ আখৈফুটিয়া গাওঁত এইবাৰ নেদেখাজনক বা দেব দেৱতাক পূজা অৰ্চনা কৰাৰ পৰিৱৰ্তে কঢ়া নদীৰ গৰা খহনীয়াৰ পৰা ৰক্ষা পাৱলৈ ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী তথা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ প্ৰতিছবিত ধূপ ধুনা লৈ সেৱা পূজা ধৰিলে আখৈফুটিয়া গাঁৱৰ গাওঁ বাসীয়ে ৷ শুকুৰবাৰে গাওঁবাসীয়ে কঢ়া নদীৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ নদীৰ পাৰত মন্ত্ৰী গৰাকীৰ প্ৰতিছবি আৰি ধূপ ধূনাৰে চাকি বন্তি জ্বলাই পূজা সেৱা কৰে আখৈফুটিয়া গাওঁবাসীয়ে ৷
গাওঁখনৰ কাষেৰে বৈ যোৱা কঢ়া নদীয়ে ১৯৯৬ চনৰে পৰাই প্ৰবল ভাবে খহনীয়া স্‌ষ্টি কৰি ১৫ টাকৈ পৰিয়ালৰ ভেটি উচন্ন কৰাৰ পিছতো ৰাজ্য চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা নোলোৱাত ৰাইজে পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ সুদৃষ্টি কামনা কৰি এনেদৰে পুঁজা অৰ্চনা কৰে ৷
২০১৪_ ১৫ বৰ্ষৰ ভুমি সংৰক্ষণ বিভাগৰ আচঁনিৰে ৮৩ লাখ টকাৰ ব্যয় সাপেক্ষে ২০১৭ _ ১৮ বৰ্ষত ১৪ টা শৈলস্পাৰ নিৰ্মাণ কৰি দায় হাৰে যদিও অতি নিম্ন মানৰ শৈলস্পাৰ কেইটা এইবাৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত খহনীয়াৰ প্ৰকোপ অধিক ব্‌দ্ধি পায় ৷ ফলত গাওঁবাসীয়ে উক্ত আচঁনিৰ অনিয়মৰ ন্যায়িক তদন্ত আৰু কঢ়া নদীৰ গৰাখহনীয়াৰ পৰা গাওঁবাসীক ৰক্ষা কৰাব বাবে স্বায়ী প্ৰতিৰোধ কৰিবলৈ শুকুৰবাৰে এনে অভিনৱ পদ্ধতিৰে পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী গৰাকীৰ সু দৃষ্টি কামনা কৰে ৷