কোকৰাঝাৰৰ জৰেগাঁৱত দুখীয়া-নিচলা বয়োবৃদ্ধ লোকৰ মাজত শীতবস্ত্ৰ কম্বল বিতৰণ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: কোকৰাঝাৰ চহৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী,প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজু বৰ্মন আৰু কোঁচৰাজবংশী উন্নয়ন পৰিষদৰ এগৰাকী অন্যতম সদস্য দুৰ্বাসা মোহন ৰায়ৰ উদ্যোগত, জৰেগাঁও কিৰণ সংঘৰ সহযোগত আজি গাঁওখনৰ দুখীয়া-নিচলা বয়োবৃদ্ধ লোকৰ মাজত শীতবস্ত্ৰ(কম্বল) বিতৰণ কৰা হয় । কোকৰাঝাৰ জিলাৰ কালীপুখুৰী ভি চি ডি চিৰ অন্তৰ্গত জৰেগাঁও কিৰণ সংঘ চৌহদত অনুষ্ঠিত এক সভাৰ জৰিয়তে ত্ৰিশখন কম্বল বিতৰণ কৰা হয় । বিশিষ্ট সমাজকৰ্মী তথা জৰেগাঁও কিৰণ সংঘৰ উপদেষ্টা কলেন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত দুখীয়া-নিচলা বয়োবৃদ্ধ লোকৰ মাজত এধানি মান সহায়ৰ হাত আগবঢ়াবলৈ পাই নিজকে ধন্য হোৱা বুলি মত ব্যক্ত কৰে দাতা দুৰ্বাসা মোহন ৰায়ে । আন এগৰাকী দাতা ৰাজু বৰ্মনে বিভিন্ন ভিতৰুৱা অঞ্চলবাসী ৰাইজক এনেধৰণৰ শীতবস্ত্ৰ কম্বল বিতৰণকে ধৰি বিনামূলীয়া চিকিৎসা শিৱিৰ আদি অনুষ্ঠিত কৰি সহায়ৰ হাত আগবঢ়াই অহাৰ কথা উল্লেখ কৰে । তেওঁ জৰেগাঁও কিৰণ সংঘত থকা গ্ৰাম্য পুঁথিভৰালৰ নামত পাঁচ হাজাৰ নগদ ধন প্ৰদান কৰি মহানুভৱতাৰ চানেকি দাঙি ধৰে । দাতা দুগৰাকীৰ কাৰ্যক ভূয়সী প্ৰশংসা কৰি বক্তব্য ৰাখে জৰেগাঁও কিৰণ সংঘৰ প্ৰতিষ্ঠাপক তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সমাজকৰ্মী কান্তেশ্বৰ ৰায়, সমাজকৰ্মী সন্তোষ গুহ, কালীপুখুৰী ভি চি ডি চিৰ সভাপতি ৰাহুলজিৎ ৰায়, জৰেগাঁও কিৰণ সংঘৰ সভাপতি ভৃগু মুনি ৰায় ইত্যাদিয়ে । কোকৰাঝাৰ জিলা কোঁচৰাজবংশী সম্মিলনীৰ সম্পাদক মাধৱ চন্দ্ৰ ৰায়, জৰেগাঁৱৰ গাঁওবুঢ়া ৰূপনাথ ৰায় সহ গাঁৱৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলে । উল্লেখয্যোগ্য যে অনুষ্ঠানটিৰ সামৰণিত বিশ্ববৰেণ্য সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে সমূহীয়া গীতেৰে কাৰ্যসূচী সমাপ্ত কৰা হয় ।

ভৃগু মুনি ৰায়, বাসুগাঁও ।