জোনাইত চিয়াঙৰ বানত বিঘাই বিঘাই নষ্ট তামোল খেতি,লাখ লাখ টকা পানীত শেষ হোৱাত হাহাকাৰ জোনাইৰ তামোল খেতিয়ক

ঘৰ বাৰী চিয়াঙৰ বানত হেৰুৱাই আজি পৰ্যন্ত তিনিশতাধিক পৰিয়াল মথাউৰিত

নিয়মীয়া বাৰ্তা, ১৯ চেপ্টেম্বৰঃ জোনাইত আজি পৰ্যন্ত শেষ হোবা নাই বানৰ তাণ্ডৱ৷। চিয়াঙৰ পানী কমি আহিল যদিও আজিও শেষ হোৱা নাই নৈ পৰীয়া ৰাইজৰ৷ যোৱাতো বানত চিয়াং লালীৰ বানে জোনাই ৰাজহ চক্ৰৰ কেবাশতাধিক গাওঁ তচনচ কৰি পেলাইছিল৷ হাজাৰ হাজাৰ পৰিয়ালে হেৰুৱাইছিল ঘৰ বাৰী সকলো৷ আজিও কেবাশতাধি পৰিয়াল গৃহহাৰ হয় অঘৰী জীৱন যাপন কৰিব লগা হৈছে জোনাইত৷ এইটো বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল হৈছে বেৰাচাপৰি আদি কৰি কেবাখনো গাওঁ৷ আজিও এই অঞ্চললৈ ঘুৰি অহা নাই স্বাভাৱিক জীৱন৷ হয়তো আৰু কাহানিও উভতি নাহিব৷ এসময়ৰ খেতিপথাৰৰে নদনবদন বেৰাচাপৰি আজি মাথো বালি আৰু বালি৷ এই বালি ওপৰত অত তত পৰি আছে ভঙা চিঙা, পলসে পুতি পেলোবা ঘৰ বোৰ৷ ১৫ -২০ ফুট পৰ্যন্ত চিয়াঙৰ পলসে পুতি পেলাইছে বেৰাচাপৰিৰ কেবাখনো গাওঁ৷ চিয়াঙৰ পানী কমি অহাৰ পিছতে দেখা গৈছে এই অঞ্চলৰ প্ৰকৃত বিধ্বস্ত হোৱাৰ ছবি৷ বিঘাই বিঘাই পলসে পুতি পেলাইছে তামোল খেতি৷ মুৰে কপালে হাত দিছে তামোল খেতিয়ক প্ৰতাপ পাৱই৷ নিজৰ পকেটৰ লাখ লাখ টকা খৰছ কৰি ৭ বিঘা মাটিত আৰম্ভ কৰিছিল তামোলৰ খেতি৷ যোৱা ২০১৬ চনৰ পৰা আৰম্ভ কৰিছিল তামোল বাৰী৷ চকুত অলেখ সপোন৷ এদিন এই ৭ বিঘাত মাটিত তামোল ডাঙৰ হব ৷ কষ্টপোৰ্জিত ধন উভতি আহিব আৰু কিছু সপোন দেখিছিল৷ কিন্ত সকলো আজি চিয়াঙৰ বুকুত৷ পলসে পুতি পেলালে প্ৰতাপ পাৱৰ সপোন৷ এতিয়া এডাল এডালকৈ শুকাই যাব ধৰিছে তামোল গছবোৰ৷ শুকাই যোৱা তামোল পুলিবোৰ চাই হুমুনিয়াহ কঢ়িছে মাথো৷ এইয়া মাত্ৰ এজন খেতিয়কৰ আজি বাস্তৱ ছৱি৷ এনে বহু প্ৰতাপ পাৱ আজি জোনাইত হুমুনিয়াহ কাঢ়িছে৷ কাৰোবাৰ যদি তামোল খেতি, কৰোবাৰ ধান খেতি আন কাৰোবাৰ নান খেতি এতিয়া পলসৰ তলত৷ এফালে ঘৰ বাৰী হেৰুৱান নিথৰুৱা হোবা পৰিয়ালবোৰ খেতিমাটি হেৰুবাই একেবাৰে অঘৰী হয় গল৷ নিজা লাম লাটুকা লয় পৰিয়ালৰ সতে মথাউৰি ওপৰত তিৰ্পাল তৰি উজাগৰী নিশা কটাইছে৷ বানাক্ৰান্ত এই পৰিয়াল সকলৰ এতিয়া হাহাকাৰ অৱস্থা৷ এফালে আশ্ৰয় আনফালে খাদ্যৰ বাবে এক কঠিন জীৱন সংগ্ৰামত নামিব লগা হৈছে৷ হয়তো কাহানিও নেদেখা এক জীৱন যাপন কৰিছে বেৰাচাপৰিৰ ৰাইজে৷ আজি এই বিপদৰ সময়ত এই লোকসকলৰ সতে নাই কোনো৷ জনপ্ৰতিনিধি নাই৷ চৰকাৰ প্ৰসাশন নাই৷ তথাপিও নিজৰ আৰু পৰিয়ালৰ বাবে সংগ্ৰাম কৰিছে এই লোকসকলে৷ এক অন্ধকাৰ ভৱিষ্যতৰ মাজতো জীয়াই থকাৰ হেপাঁহত অব্যাহত ৰাখিছে কঠোৰ সংগ্ৰাম৷