নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰতিযোগিতামূলক ভাব আনিব লাগিবঃ সাংসদ তাছা

লাহিং গ্রান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ

নিয়মীয়া বার্তা, ২ জানুৱাৰী: বৃহত্তৰ লাহিং গ্রান্ট অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান লাহিং গ্ৰান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ শনিবাৰৰে পৰা আৰম্ভ হৈছে । কালি পহিলা জানুৱাৰীৰ দিনাই শুভাৰম্ভণি অনুষ্ঠান হয় । উল্লেখ্য যে, এক বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাই অঞ্চলটোত শৈক্ষিক সামাজিক পৰিবেশ সৃষ্টি কৰি মানৱসম্পদ গঢ় দিয়াৰ উদ্দেশ্যে ১৯৭২ চনতে ১৬২ নং লাহিং গ্রান্ট গাঁৱত লাহিং গ্রান্ট উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল । এই বর্ষ লাহিং গ্রান্ট উচ্চ মাধ্যমিক বিদ্যালয়খনে গৌৰবোজ্বল সোনালী জয়ন্তী বৰ্ষত উপনীত হৈছে ।

শনিবাৰে পহিলা জানুৱাৰী দিনটোৰ পুৱা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই পতাকা উত্তোলন কৰি সোনালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কার্যসূচী মুকলি কৰে । উদযাপন সমিতিৰ সম্পাদক তথা প্ৰধান শিক্ষক অৰূপ বুঢ়াগোঁহাইয়ে বন্তি প্ৰজ্বলন কৰাৰ অন্তত স্মৃতি তর্পন কাৰ্যসূচীৰ মুকলি কৰে কার্যকৰি সভাপতি নিত্যানন্দ শর্মাই ।

আনহাতে, নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অলকানন্দ চুতীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেইজনমান সমাজৰ কথা চিন্তা কৰা প্ৰকৃত লোকে স্থাপন কৰা শিক্ষানুষ্ঠানখনে আজি পঞ্চাশ বছৰত ভৰি দিয়াতো নিতান্তই গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে ।

শিক্ষানুষ্ঠানখনে অঞ্চলটোৰ শৈক্ষিক চাহিদা পূৰণ কৰিছে বুলি উল্লেখ কৰি সাংসদ তাছাই যিসমূহ বিদ্যালয়ে পঞ্চাশ বছৰ অতিক্ৰম কৰিছে সেইসমূহ বিদ্যালয়লৈ ৰাজ্য চৰকাৰে পঞ্চাশ লাখ টকাৰ অনুদান আগবঢ়াব বুলি প্ৰসঙ্গক্ৰমে উল্লেখ কৰে । সাংসদ তাছাই লগতে কয়- নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনত প্ৰতিযোগিতাৰ ভাৱ আনিব লাগিব । তেতিয়াহে সফলতা লাভৰ অধিক সম্ভাৱনা থাকে বুলি তেওঁ মন্তব্য কৰে । শিক্ষাবিদ, সমাজকৰ্মী অতুলানন্দ দেৱ গোস্বামীয়ে সভাখন উদ্বোধন কৰি যি সকল ব্যক্তিৰ ত্যাগৰ বিনিময়ত বিদ্যালয় খন গঢ় লৈ উঠিল তেওঁলোক সমাজৰ একো একোজন মহান ব্যক্তি বুলি অভিহিত কৰে । সোনালী জয়ন্তীৰ সকলো কাৰ্য্যসূচীত সকলো প্রাক্তন ছাত্ৰ-ছাত্ৰী, সমাজ হিতৈষী, তথা অভিভাৱক সকলক উপস্থিত কৰাবলৈ তেওঁ লগতে আহ্বান জনায় ।