আমচৈত চৰক বৃক্ষ লৈ সন্ন্যাসীসকলৰ শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আমচৈ অঞ্চলৰ কালী নগৰ গাঁৱত প্ৰতি বছৰ চৰক পূজা আৰু মেলা চ’তৰ মাহৰ ৩১ তাৰিখে অনুষ্ঠিত হৈ আহিছে । এই বছৰ ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই মেলা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান নকৰাত সন্ন্যাসীসকলে চৰক বৃক্ষ লৈ পথত শোভাযাত্ৰা অনুষ্ঠিত কৰে।

সন্ধিয়া পৰত অনুষ্ঠিত চৰক বৃক্ষত মানুহ ওলোমাই লৈ কৰা এই শোভাযাত্ৰা হাজাৰ হাজাৰ মানুহে ঘৰৰ পৰা ওলাই আহি উপভোগ কৰাৰ উপৰি ভক্তি প্ৰদৰ্শন কৰে।