নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ নির্বাচনৰ প্রার্থী ঘোষণা, মনোনয়ন দাখিল আদিৰ পিছতে ছিপাঝাৰত এইবাৰ নির্বাচনী ৰণতকৈ বিতর্কই অধিক চর্চা লাভ কৰিছিল যদিও শেহতীয়াভাৱে বিজেপি দলৰ প্রার্থী পৰমানন্দ ৰাজবংশীৰ সমর্থন বৃদ্ধি পাইছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ প্রৱেশে সলনি কৰিলে ছিপাঝাৰৰ নির্বাচনী প্রেক্ষাপট৷ ছিপাঝাৰ বিধানসভা সমষ্টি ১৯৭৮ চনত গঠনৰ পিছত প্রথমবাৰলৈ জনতা দলৰ হৈ নির্বাচিত হৈছিল প্রাক্তন সাংসদ মাধৱ ৰাজবংশী৷ ১৯৮৫ চনৰ নির্বাচনত বিজয়ী হয় অগপ দলৰ ড০ জয়নাথ শর্মা৷ ড০ শর্মাই ১৯৮৫ চনৰ পৰা ২০০১ চনলৈ ধাৰাবাহিকভাৱে জয়লাভ কৰে যদিও ২০০৬ চনত কংগ্রেছৰ হাতত পৰাজিত হয়৷ লগে লগে আঞ্চলিকতাবাদৰ পীঠস্থান ছিপাঝাৰ হৈ পৰে ৰাষ্ট্রীয় দলৰ কেন্দ্রবিন্দু৷ কংগ্রেছত দুবাৰ আৰু এবাৰ বিজেপিৰ টিকটত ২০১৬ চনলৈ ৩টাকৈ নির্বাচনত বিধায়ক নির্বাচিত হয় বিনন্দ কুমাৰ শইকীয়া৷ শইকীয়াৰ প্রতিটো নির্বাচনত বিজয়ৰ আঁৰত আছিল জননেতা ড০ হিমন্ত বিশ্ব শর্মাৰ ধাৰাবাহিক সহযোগ, আশীর্বাদ৷ ড০ শর্মা শইকীয়াৰ উত্থানৰ মূল উৎস হিচাপে চিহ্ণত হয়৷ লগে লগে ছিপাঝাৰবাসীৰ বাবে নেডাৰ আহ্বায়কগৰাকী হৈ পৰে হিয়াৰ আমঠু স্বৰূপ৷
এইবাৰ শইকীয়াৰ পৰিৱর্তে ছিপাঝাৰৰে সন্তান ড০ পৰমানন্দ ৰাজবংশীক বিজেপি দলে প্রক্ষেপ কৰিছে৷ ড০ ৰাজবংশীক প্রক্ষেপ কৰাৰ পিছতে ছিপাঝাৰত ন ন বিতর্কৰ সূত্রপাত হয়৷ একপ্রকাৰে নিজ গৃহভূমিতে অগ্ণি পৰীক্ষাৰ সন্মুখীন হয় ড০ ৰাজবংশী৷ একাংশই কংগ্রেছ দলৰ প্রার্থী কুলদীপ বৰুৱা বিজেপিৰ নিগেটিভ ভোটিং লাভান্বিত হ’ব নেকি তাক লৈও চর্চা আৰম্ভ কৰিছিল৷ কালি সমষ্টিটোত জনপ্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মাই পদার্পণ কৰাৰ পিছত সলনি হৈ পৰিছে নির্বাচনী দৃশ্যপট৷ কংগ্রেছৰ কৌশলত আউল লাগিছে৷দোধোৰ–মোধৰত থকা বিজেপিৰ সমর্থক, কর্মীসকল ড০ শর্মাৰ অভয়বাণীত পৰমানন্দৰ বিজয়ত নামি পৰে৷
মঙলবাৰে নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত ছিপাঝাৰৰ সীমামূৰীয়া গাঁও, দুর্গম এলেকাত কংগ্রেছৰ কোনো প্রচাৰ দেখা নগ’ল৷ বিপৰীতে সমষ্টিটোৰ ২৫টা গাঁও পঞ্চায়তত ৰাইজৰ সভাকে ধৰি দিন–ৰাতি একাকাৰ কৰি ড০ ৰাজবংশীয়ে ভোটাৰৰ ওচৰ চাপিবলৈ সক্ষম হৈছে৷ সমষ্টিটোত এইবাৰ ২৫৮টা ভোটগ্রহণ কেন্দ্রত ১,৭৭,৭৮২গৰাকী ভোটাৰ আছে আৰু অজাপৰ গীতিকা কাকতিসহ ৯ গৰাকী প্রার্থী আছে৷ প্রার্থীসকলৰ মাজত মূল যুঁজ কংগ্রেছ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ থকাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কংগ্রেছ দলৰ হৈ কেৱল সাংসদ গৌৰৱ গগৈয়ে প্রচাৰ চলোৱাত বাদে অন্য হেভীৱেট নেতাই পদার্পণ কৰা পৰিলক্ষিত নহ’ল৷ বিপৰীতে দেশৰ প্রধানমন্ত্রী স্বয়ং নৰেন্দ্র মোদীয়ে ড০ ৰাজবংশীৰ হৈ প্রচাৰ চলালে৷ ছিপাঝাৰবাসীৰ মূল ভৰসা ড০ হিমন্ত বিশ্ব শর্মাৰ ভোট বিচাৰি আহ্বান, আনহাতে ড০ ৰাজবংশী সাধাৰণ ৰাইজৰ মাজত সোমাই পৰাত নির্বাচনী যুঁজ হৈ পৰিছে আকর্ষণীয়৷ সমষ্টিটোত বিজেপিৰ তৃণমূল স্তৰত চলোৱা এই মাৰাথন প্রচাৰ, সাধাৰণ ৰাইজৰ বিগত ৪৮ ঘণ্টাত দেখুওৱা সমর্থনৰ পিছত স্পষ্ট যে কংগ্রেছ সম্প্রতি বেকফুটত৷