নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ পদার্পণৰ পিছতেই সলনি হ’ল ছিপাঝাৰৰ নির্বাচনী দৃশ্যপট

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ  নির্বাচনৰ প্রার্থী ঘোষণা, মনোনয়ন দাখিল আদিৰ পিছতে ছিপাঝাৰত এইবাৰ নির্বাচনী ৰণতকৈ বিতর্কই অধিক চর্চা লাভ কৰিছিল যদিও শেহতীয়াভাৱে বিজেপি দলৰ প্রার্থী পৰমানন্দ ৰাজবংশীৰ সমর্থন বৃদ্ধি পাইছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ প্রৱেশে সলনি কৰিলে ছিপাঝাৰৰ নির্বাচনী প্রেক্ষাপট৷ ছিপাঝাৰ বিধানসভা সমষ্টি ১৯৭৮ চনত গঠনৰ পিছত প্রথমবাৰলৈ জনতা দলৰ হৈ নির্বাচিত হৈছিল প্রাক্তন সাংসদ মাধৱ ৰাজবংশী৷ ১৯৮৫ চনৰ নির্বাচনত বিজয়ী হয় অগপ দলৰ ড০ জয়নাথ শর্মা৷ ড০ শর্মাই ১৯৮৫ চনৰ পৰা ২০০১ চনলৈ ধাৰাবাহিকভাৱে জয়লাভ কৰে যদিও ২০০৬ চনত কংগ্রেছৰ হাতত পৰাজিত হয়৷ লগে লগে আঞ্চলিকতাবাদৰ পীঠস্থান ছিপাঝাৰ হৈ পৰে ৰাষ্ট্রীয় দলৰ কেন্দ্রবিন্দু৷ কংগ্রেছত দুবাৰ আৰু এবাৰ বিজেপিৰ টিকটত ২০১৬ চনলৈ ৩টাকৈ নির্বাচনত বিধায়ক নির্বাচিত হয় বিনন্দ কুমাৰ শইকীয়া৷ শইকীয়াৰ প্রতিটো নির্বাচনত বিজয়ৰ আঁৰত আছিল জননেতা ড০ হিমন্ত বিশ্ব শর্মাৰ ধাৰাবাহিক সহযোগ, আশীর্বাদ৷ ড০ শর্মা শইকীয়াৰ উত্থানৰ মূল উৎস হিচাপে চিহ্ণত হয়৷ লগে লগে ছিপাঝাৰবাসীৰ বাবে নেডাৰ আহ্বায়কগৰাকী হৈ পৰে হিয়াৰ আমঠু স্বৰূপ৷

এইবাৰ শইকীয়াৰ পৰিৱর্তে ছিপাঝাৰৰে সন্তান ড০ পৰমানন্দ ৰাজবংশীক বিজেপি দলে প্রক্ষেপ কৰিছে৷ ড০ ৰাজবংশীক প্রক্ষেপ কৰাৰ পিছতে ছিপাঝাৰত ন ন বিতর্কৰ সূত্রপাত হয়৷ একপ্রকাৰে নিজ গৃহভূমিতে অগ্ণি পৰীক্ষাৰ সন্মুখীন হয় ড০ ৰাজবংশী৷ একাংশই কংগ্রেছ দলৰ প্রার্থী কুলদীপ বৰুৱা বিজেপিৰ নিগেটিভ ভোটিং লাভান্বিত হ’ব নেকি তাক লৈও চর্চা আৰম্ভ কৰিছিল৷ কালি সমষ্টিটোত জনপ্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মাই পদার্পণ কৰাৰ পিছত সলনি হৈ পৰিছে নির্বাচনী দৃশ্যপট৷ কংগ্রেছৰ কৌশলত আউল লাগিছে৷দোধোৰ–মোধৰত থকা বিজেপিৰ সমর্থক, কর্মীসকল ড০ শর্মাৰ অভয়বাণীত পৰমানন্দৰ বিজয়ত নামি পৰে৷

মঙলবাৰে নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত ছিপাঝাৰৰ সীমামূৰীয়া গাঁও, দুর্গম এলেকাত কংগ্রেছৰ কোনো প্রচাৰ দেখা নগ’ল৷ বিপৰীতে সমষ্টিটোৰ ২৫টা গাঁও পঞ্চায়তত ৰাইজৰ সভাকে ধৰি দিন–ৰাতি একাকাৰ কৰি ড০ ৰাজবংশীয়ে ভোটাৰৰ ওচৰ চাপিবলৈ সক্ষম হৈছে৷ সমষ্টিটোত এইবাৰ ২৫৮টা ভোটগ্রহণ কেন্দ্রত ১,৭৭,৭৮২গৰাকী ভোটাৰ আছে আৰু অজাপৰ গীতিকা কাকতিসহ ৯ গৰাকী প্রার্থী আছে৷ প্রার্থীসকলৰ মাজত মূল যুঁজ কংগ্রেছ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ থকাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কংগ্রেছ দলৰ হৈ কেৱল সাংসদ গৌৰৱ গগৈয়ে প্রচাৰ চলোৱাত বাদে অন্য হেভীৱেট নেতাই পদার্পণ কৰা পৰিলক্ষিত নহ’ল৷ বিপৰীতে দেশৰ প্রধানমন্ত্রী স্বয়ং নৰেন্দ্র মোদীয়ে ড০ ৰাজবংশীৰ হৈ প্রচাৰ চলালে৷ ছিপাঝাৰবাসীৰ মূল ভৰসা ড০ হিমন্ত বিশ্ব শর্মাৰ ভোট বিচাৰি আহ্বান, আনহাতে ড০ ৰাজবংশী সাধাৰণ ৰাইজৰ মাজত সোমাই পৰাত নির্বাচনী যুঁজ হৈ পৰিছে আকর্ষণীয়৷ সমষ্টিটোত বিজেপিৰ তৃণমূল স্তৰত চলোৱা এই মাৰাথন প্রচাৰ, সাধাৰণ ৰাইজৰ বিগত ৪৮ ঘণ্টাত দেখুওৱা সমর্থনৰ পিছত স্পষ্ট যে কংগ্রেছ সম্প্রতি বেকফুটত৷

You might also like