নাইট ৰাইডার্ছৰ প্রথম মেচত খেলিব ইংলেণ্ড অষ্ট্রেলিয়াৰ খেলুৱৈ

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ সম্প্রতি এদিনীয়া শৃংখলাত ব্যস্ত থকা ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ খেলুৱৈসকলক আগন্তুক আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ প্রথমখন মেচত দেখিবলৈ পোৱা যাব৷ দলটোৰ এক শীর্ষ সূত্রই আজি জানিবলৈ দিয়া অনুসৰি ১৬ ছেপ্টেম্বৰত এদিনীয়া শৃংখলা সমাপ্ত হোৱাৰ এদিন পিছতে ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ খেলুৱৈসকল ইউ এ ইত উপস্থিত হ’ব৷ ইয়াৰ পিছত ছয় দিনৰ কোৱাৰেণ্টাইন সমাপ্ত কৰি তেওঁলোকে ২৩ ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’বলগীয়া কলকাতা নাইট ৰাইডার্ছৰ প্রথমখন মেচত খেলিব পাৰিব৷ ‘আমাৰ দলত থকা অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈসকল ১৭ ছেপ্টেম্বৰত সম্প্রতি এদিনীয়া শৃংখলাত ব্যস্ত থকা ইংলেণ্ড আৰু অষ্ট্রেলিয়া আবুধাবিত উপস্থিত হ’ব৷ আমাৰ প্রথম মেচ আছে ২৩ ছেপ্ঢেম্বৰত৷ তেতিয়ালৈকে তেওঁলোকৰ ছয় দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ হ’ব৷ গতিকে তেওঁলোকক আমি প্রথমখন মেচত দেখিবলৈ পোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ তেওঁলোক যিহেতু আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ এক জৈৱ সুৰক্ষিত আৱেষ্টনীৰ মাজৰ পৰা আহিব, গতিকে তেওঁলোকৰ ক্ষেত্রত ক’ভিড–১৯ প্রট’কল কিছু শিথিল হ’ব৷’ কলকাতা নাইট ৰাইডার্ছৰ শীর্ষ সূত্রটোৱে এইদৰে কয়।