বিশ্বকাপৰ বাবে উপযুক্ত সূর্যকুমাৰ–ঈশান

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টি–২০ শৃংখলাত আন্তঃৰাষ্ট্রীয় অভিষেক ঘটোৱা সূর্যকুমাৰ যাদৱ আৰু ঈশান কিষণ টি–২০ বিশ্বকাপৰ বাবে উপযুক্ত খেলুৱৈ৷ টীম ইণ্ডিয়াৰ এই দুই উদীয়মান তাৰকাক প্রশংসাৰে ওপচাই ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰে দেওবাৰে এই মন্তব্য আগবঢ়ায়৷ ৰোড ছেফটী ৱর্ল্ড ছিৰিজ টি–২০ত ইণ্ডিয়া লিজেণ্ডছ দলক নেতৃত্ব দিয়া প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে সূর্যকুমাৰ আৰু ঈশান কিশনৰ প্রতিভাক লৈ কোনো সন্দেহ নাই৷ আই পি এলত দীর্ঘদিন ধৰি তেওঁলোকে চমকপ্রদ বেটিং প্রদর্শন দাঙি ধৰি আহিছে৷ ঘৰুৱা ক্রিকেটতো দুয়োগৰাকী বেটছমেনে ৰানৰ জোৱাৰ তুলিছে৷ ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপলৈ তেওঁলোক উপযুক্ত খেলুৱৈ হ’ব পাৰে বুলিও তেণ্ডুলকাৰে কয়৷

‘খেলুৱৈ বাছনিক লৈ নির্বাচক মণ্ডলীৰ ওপৰত মই কোনো চাপ সৃষ্টি কৰিব নিবিচাৰোঁ৷ কিন্তু মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে সূর্য কুমাৰ আৰু ঈশান অত্যন্ত প্রতিভাশালী আৰু আই পি এলত তেওঁলোকে আগশাৰীৰ বিদেশী খেলুৱৈসকলৰ বিৰুদ্ধে খেলি ইতিমধ্যে পৰিপক্ব হৈ উঠিছে৷ টি–২০ বিশ্বকাপৰ দৰে মেগা ইভেণ্ট খেলিব পৰাকৈ তেওঁলোক সম্পূর্ণৰূপে সাজু৷’ –তেণ্ডুলকাৰে এইদৰে কয়৷

উল্লেখ্য যে যোৱানিশা অনুষ্ঠিত নির্ণায়ক টি–২০ত সূর্যকুমাৰে মাত্র ১৭টা বলত ৩২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে৷ ইয়াৰ পূর্বে তেওঁ আন্তঃৰাষ্ট্রীয় ক্রিকেটত প্রথমবাৰৰ বাবে বেটিং কৰি অর্ধশতক অর্জন কৰিছিল৷ একেদৰে ঈশান কিশনেও অভিষেক টি–২০ত আক্রমণাত্মক অর্ধশতক অর্জন কৰিবলৈ সক্ষম হৈছিল৷