আজি দ্বিতীয় এদিনীয়া, প্রত্যাৱর্তনৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ প্রথম এদিনীয়াত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত টীম ইণ্ডিয়াই শৃংখলাত প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত খেলপথাৰত নামিব৷ পার্লৰ বোলাণ্ড পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখন লোকেশ ৰাহুল নেতৃত্বাধীন আলহী দলটোৰ বাবে মৰণপণ যুঁজসদৃশ হৈ পৰিছে৷ কিয়নো আজিৰ মেচত পৰাস্ত হ’লে টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাৰ মাটিত টেষ্টৰ পিছত এদিনীয়া শৃংখলাও হেৰুওৱাটো নিশ্চিত হ’ব৷ তিনিখন মেচৰ শৃংখলাটোত প্রত্যাৱর্তনৰ বাবে ৰাহুল বাহিনীয়ে কাইলৈ দুর্দান্ত প্রদর্শন দাঙি ধৰিব লাগিব৷ প্রথম এদিনীয়াৰ ব্যর্থতা পাহৰি ভাৰতীয় মিডল অর্ডাৰ বেটছমেনসকলে দীঘলীয়া ইনিংছ খেলাটো আৱশ্যক হৈ পৰিছে৷ বিশেষকৈ প্রাক্তন অধিনায়ক বিৰাট কোহলি, উদীয়মান তাৰকা শ্রেয়াছ আয়াৰ আৰু ভেংকটেশ আয়াৰৰ পৰা দলে অধিক উন্নত প্রদর্শন আশা কৰিব৷ অভিজ্ঞ অ’পেনাৰ শিখৰ ধাৱানে দীঘলীয়া সময়ৰ মূৰত দললৈ উভতি চমকপ্রদ অর্ধশতক অর্জন কৰি ফর্মৰ ইংগিত দিছে যদিও অধিনায়কৰ দায়িত্ব কান্ধত লৈ লোকেশ ৰাহুল কিছু চাপত থকা যেন অনুভৱ হৈছে৷ দ্বিতীয় এদিনীয়াত তেওঁ নেতৃত্বৰ চাপ নেওচি উজলি উঠিব লাগিব৷

একেদৰে অধিনায়ক হিচাপেও ৰাহুলে আজি অধিক পৰিপক্বতা দেখুওৱাৰ প্রয়োজন আছে৷ তেওঁৰ কেইবাটাও অপৰিপক্ব সিদ্ধান্তই প্রথম এদিনীয়াত টীম ইণ্ডিয়াক বিপদত পেলোৱা বুলি ক্রিকেট মহলত চর্চা হৈছে৷ বিশেষকৈ অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰক এক অভাৰো বলিং কৰিব নিদিয়াৰ সিদ্ধান্তই ক্রিকেটপ্রেমীক আচৰিত কৰি তুলিছে৷ প্রথম এদিনীয়াত যথেষ্ট ৰান ব্যয় কৰা মিডিয়াম পেচাৰ শার্দূল ঠাকুৰ আৰু স্পীনাৰ য়ুজবেন্দ্র চাহালৰ স্থানত দ্বিতীয় এদিনীয়াত দীপক চহৰ আৰু জয়ন্ত যাদৱে মূল একাদশত সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ ইফালে ঘৰুৱা দল দক্ষিণ আফ্রিকাই প্রথম এদিনীয়াত চমকপ্রদ জয়ৰ পিছত কাইলৈ আত্মবিশ্বাসেৰে খেলপথাৰত নামিব৷ টেম্বা বাভুমা নেতৃত্বাধীন দলটোৱে তিনিখন মেচৰ শৃংখলাটোত শ্রেষ্ঠত্ব অর্জনৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ বাভুমা আৰু ভান ডাৰ ডাছেনৰ শতকীয় ইনিংছে দলটোৰ মনোবল বহুগুণে বৃদ্ধি কৰিছে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শৃংখলা হেৰুৱালে অধিনায়ক হিচাপে লোকেশ ৰাহুলৰ যোগ্যতাক লৈও বৃহৎ প্রশ্ণৰ অৱতাৰণা হ’ব৷
খেলৰ সময়- দিনৰ ২ বজা৷