সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ক্ৰিকেটৰ কোৱাৰ্টাৰত অসম

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: পাঞ্জাৱৰ ম’হালীত অনুষ্ঠিত হৈ থকা চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ ক্ৰিকেট প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন অব্যাহত ৰাখি অসম সচিবালয় দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰতিযোগিতাৰ প্ৰথমখন মেচত হিমাচল প্ৰদেশৰ বিৰুদ্ধে জয়লাভ কৰি দ্বিতীয়খন মেচত শক্তিশালী অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে এখন শ্বাসৰুদ্ধকৰ মেচত ৪ ৰাণত বিজয় সাব্যস্ত কৰে অসম দলটোৱে। প্ৰথমখন মেচত আকাশ মণ্ডল আৰু দ্বিতীয়খন মেচত অসম দলৰ অধিনায়ক নীলিম জ্যোতি গগৈয়ে অৰ্জন কৰে মেন অৱ দা মেচৰ বঁটা।