পাকিস্তানৰ এসময়ৰ এলিট আম্পায়াৰ এতিয়া জোতাৰ দোকানী

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ এসময়ত আইচিচিৰ এলিট আম্পায়াৰ আছাদ ৰৌফে এতিয়া পাকিস্তানৰ বিখ্যাত লাণ্ডা বজাৰত পুৰণি জোতা বিক্রী কৰে৷ পাকিস্তানৰ সংবাদ মাধ্যমত ৰৌফৰ সেই খবৰ প্রকাশ পাইছে৷ ক্রিকেটৰ সৈতে এতিয়া তেওঁৰ কোনো সম্পর্ক নাই৷ এতিয়া তেওঁৰ মূৰত কেৱল ব্যৱসায়৷ এই প্রসংগত আছাদে কয়– ‘জীৱনত বহু মেচত আম্পায়াৰিং কৰিলোঁ৷ এতিয়া নতুনকৈ চাবলগীয়া নাই৷ ২০১৩ চনৰ পিছৰ পৰা খেলৰ সৈতে কোনো যোগাযোগ নাই৷ ক্রিকেটৰ পৰা সম্পূর্ণৰূপে দূৰত আছোঁ৷’

উল্লেখ্য যে ২০১২ চনত ৰৌফৰ বিৰুদ্ধে এগৰাকী মডেলে যৌন নির্যাতনৰ অভিযোগ আনিছিল৷ দাবী কৰিছিল যে বিয়াৰ প্রতিশ্রুতি দি তেওঁৰ সৈতে ৰৌফে সহবাস কৰিছিল৷ সেই সময়ত ৰৌফে অভিযোগ অস্বীকাৰ কৰিছিল৷ এই ঘটনাই তেওঁৰ ভাবমূর্তি বহু পৰিমাণে ম্লান কৰিছিল৷ প্রাক্তন আম্পায়াৰগৰাকীক ২০১৬ চনত পাঁচ বছৰৰ বাবে নির্বাসিত কৰিছিল আইচিচিয়ে৷ ২০১৩ চনত আই পি এলত মেচ ফিক্সিঙৰ লগত জড়িত হৈ পৰিছিল ৰৌফৰ নাম৷

অভিযোগ অনুসৰি, জুৱাৰীসকলৰ পৰা দামী দামী উপহাৰ আৰু টকা লৈ এটা নির্দিষ্ট দলৰ পক্ষে তেওঁ সিদ্ধান্ত লৈছিল৷ ২০১৩ চনৰ পিছত তেওঁ আন্তর্জাতিক ক্রিকেটত মেচ পৰিচালনা কৰা দেখা নগৈছিল৷ লাহোৰৰ লাণ্ডা বজাৰৰ ৰৌফৰ দোকানত পোৱা যায় পুৰণি কাপোৰ আৰু কম দামী জোতা৷ তেওঁৰ মতে কর্মচাৰীসকলৰ বাবেই তেওঁ এই কাম কৰি আহিছে৷ ক্রিকেট খেলা সময়ত আৰু আম্পায়াৰিঙৰ সময়ত উচ্চ শিখৰত উপনীত হোৱা ৰৌফে দোকানী হিচাপেও সকলোৰে ওপৰত থাকিব বিচাৰে৷

Featured