টকিঅ’ অলিম্পিক বাতিল কৰকঃ জাপানৰ ৭০ শতাংশ নাগৰিকৰ দাবী

নিয়মীয়া বাৰ্তা, ১৩ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণে পুনৰ এবাৰ জাপানত আতংকৰ সৃষ্টি কৰাৰ পৰিপ্রেক্ষিতত জাপানৰ অধিকাংশ নাগৰিকে সমাগত টকিঅ’ অলিম্পিক বাতিল হোৱাটো বিচাৰিছে৷

জাপানৰ এটি সংবাদ প্রতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি দেশখনৰ ৭০ শতাংশ নাগৰিকে অহা জুলাই–আগষ্টত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ বাতিল অথবা পিছুৱাই দিয়াৰ পোষকতা কৰিছে৷ মাত্র ২৪.৫ শতাংশ নাগৰিকেহে অলিম্পিক সময়মতে অনুষ্ঠিত হোৱাটো বিচাৰিছে৷

মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছৰ চতুর্থটো ঢৌৱে টকিঅ’ত আতংকৰ সৃষ্টি কৰাৰ বাবে চহৰখনত সোমবাৰৰ পৰা কঠোৰ নীতি–নিয়ম বলৱৎ কৰা হৈছে৷ অৱশ্যে ক’ভিডৰ আতংক অব্যাহত থাকিলেও টকিঅ’ অলিম্পিকৰ আয়োজক মণ্ডলীয়ে প্রস্তুতি অব্যাহত ৰাখিছে৷ আয়োজক কমিটীয়ে এথলিটসকলৰ বাবে ৩০০ হোটেলৰ কোঠা বুকিং কৰা বুলি শেহতীয়াকৈ জানিব পৰা গৈছে৷