আবু ধাবিত আজি দিল্লী–হায়দৰাবাদ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ একেৰাহে দুখন মেচত জয়েৰে আই পি এলত সুন্দৰ আৰম্ভণি ঘটোৱা দিল্লী কেপিটেলছে সফলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি ছানৰাইজার্ছ হায়দৰাবাদৰ মুখামুখি হ’ব৷

আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া মেচখনত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লী আত্মবিশ্বাসেৰে খেলপথাৰত নমাৰ বিপৰীতে ক্রমাগত দুখন মেচৰ ব্যর্থতাই হতাশ কৰা ছানৰাইজার্ছে প্রত্যাৱর্তনৰ সংকল্পৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ সুন্দৰ ফর্মত থকা পৃথ্বি শ্ব, ঋষভ পণ্ট, শ্রেয়াছ আয়াৰ আৰু মার্কাছ ষ্টইনিছৰ দৰে আক্রমণাত্মক বেটছমেনক প্রতিৰোধ কৰাটো ছানৰাইজার্ছৰ বাবে প্রধান প্রত্যাহ্বান হ’ব৷ শেহতীয়া মেচখনত কেৰিবিয়ান তাৰকা ছিমৰন হেটমায়াৰো আক্রমণাত্মক বেটিঙেৰে উজলি উঠিছিল৷

বলিঙত দক্ষিণ আফ্রিকাৰ দুই তাৰকা বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু এনৰিছ নর্টজে নতুন বলেৰে সুন্দৰপ্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ স্পিনাৰ অক্ষৰ পেটেল আৰু অমিত মিশ্রয়ো ৰবিচন্দ্রন অশ্বিনৰ অনুপস্থিতিত দায়িত্বপূর্ণ বলিং কৰিছে৷ উল্লেখ্য যে প্রথমখন মেচত কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে ছুপাৰ অ’ভাৰত জয় সাব্যস্ত কৰা দিল্লী কেপিটেলছে দ্বিতীয়খন মেচত চেন্নাই ছুপাৰ কিংছক হৰুৱাই শক্তিৰ পৰিচয় দিছে৷

ইয়াৰ বিপৰীতে ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদে চলিত আই পি এলত এতিয়াও জয়ৰ মুখ দেখা নাই৷ মিডল অর্ডাৰৰ শোচনীয় ব্যর্থতাই দুয়োখন মেচতে দলটোক হতাশ কৰিছে৷ সেয়ে কাইলৈ ছানৰাইজার্ছে নিউজিলেণ্ডৰ তাৰকা বেটছমেন কেন উইলিয়ামছনক দলভুক্ত কৰাৰ সম্ভাৱনা আছে৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷