অসুস্থ হৈ হাস্পতালত ভর্তি প্ৰাক্তন ক্ৰিকেটাৰ বিএছ চন্দ্রশেখৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  হৃদৰোগত আক্রান্ত হৈ বেংগালুৰুৰ এখন বেচৰকাৰী হাস্পতালৰ আইচিইউত ভর্তি টীম ইণ্ডিয়াৰ প্রাক্তন স্পিনাৰ বিএছ চন্দ্রশেখৰ। সংবাদ সংস্থা এএনআইক  চন্দ্রশেখৰৰ পত্নীয়ে জনোৱা মতে, খেল চাই থকা অৱস্থাতে হঠাৎ তেওঁ ক্লান্ত অনুভৱ কৰিছিল। তাৰপাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে তেওঁ এতিয়া সংকটমুক্ত।

উল্লেখ্য যে টীম ইণ্ডিয়াৰ প্রাক্তন স্পিনাৰ বিএছ চন্দ্রশেখৰে ভাৰতৰ হৈ ৫৮ খন টেষ্ট খেলাৰ বিপৰীতে ১ খন এদিনীয়া খেলত অংশ লৈছিল। টেষ্টত ভাৰতৰ দলৰ হৈ তেওঁ ২৪২ টা উইকেট দখল কৰিছিল।