সৰ্বভাৰতীয় ছিক্স-এ-ছাইড ক্ৰিকেট ফেডাৰেশ্যনৰ উপ-সভাপতি হিচাপে মনোনীত পাৰ্থসাৰথি মহন্ত

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত সৰ্বভাৰতীয় ছিক্স-এ-ছাইড ক্ৰিকেট ফেডাৰেশ্যনৰ উপ-সভাপতি হিচাপে মনোনীত হৈছে। তেওঁক মনোনীত কৰিছে ফেডাৰেছনৰ সচিব প্ৰধান দেৱ বালহাৰাই। আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে এই প্ৰস্তাৱত সমৰ্থন আগবঢ়াইছে। এই খবৰে নিশ্চয়কৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যলৈ। অসমৰ আন এগৰাকী ক্ৰীড়া সংগঠকে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দিয়াৰ আন এক সুযোগ লাভ কৰিছে।