নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ সংযুক্ত আৰব আমিৰশ্বাহীত হ’বলগীয়া বি চি চি আইৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোলৈ মাজতে মাথোঁ দুটা দিন বাকী৷ প্রতিযোগিতাখনলৈ ইতিমধ্যে সাজু হৈ উঠিছে আটাইকেইটা দল৷ অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ প্রাক্ মুহূর্তত দিল্লী কেপিটেলছৰ প্রশিক্ষক ৰিকি পণ্টিঙে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক লৈ এক বিশেষ মন্তব্য আগবঢ়াইছে৷ আসন্ন প্রতিযোগিতাখনত ৰোহিত শর্মাক বিপজ্জনক খেলুৱৈ হিচাপে অভিহিত কৰি দিল্লী কেপিটেলছৰ প্রশিক্ষকগৰাকীয়ে কয় যে বর্তমান টি–২০ত ৰোহিত শর্মা হ’ল বিশ্বৰ শ্রেষ্ঠ বেটছমেন৷ কেইবাটাও অভিলেখৰ গৰাকী ৰোহিত শর্মাই আসন্ন আই পি এলখনত বিপক্ষ দলসমূহৰ মূৰৰ কামোৰণি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ শেহতীয়াভাৱে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্রিকেটতো দুর্দান্ত প্রদর্শন দাঙি ধৰি আহিছে৷ গতিকে আই পি এল খনত ৰোহিত শর্মা বিস্ফোৰক হৈ উঠাৰ অধিক সম্ভাৱনা আছে বুলি পণ্টিঙে লগতে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ অ’পেনাৰগৰাকীয়ে এতিয়ালৈকে আই পি এলত ১৮৮খন মেচ খেলি ৪,৮৯৮ ৰান কৰিবলৈ সক্ষম হৈছে৷