৭৩ বছৰ বয়সত ল’ন বলত স্বর্ণ পদক জয় স্কটলেণ্ডৰ ৰ’জমেৰীৰ

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ কমনৱেলথ গেমছৰ ল’ন বলত আটাইতকৈ বেছি বসয়ত পদক জয়ৰ কৃতিত্ব গঢ়িলে স্কটলেণ্ডৰ এগৰাকী বৃদ্ধাই৷ ৰ’জমেৰী লেণ্টন নামৰ এই মহিলাগৰাকীয়ে অহা মাহত ৭৩ বছৰত ভৰি দিব৷ তেওঁ ল’ন বলৰ ডাবলছত স্বর্ণ জয় কৰাৰ পাছত জানিবলৈ দিয়ে যে এই সাফল্য অলিম্পিকত স্বর্ণ জয়ৰ সমান৷ তেওঁ লগতে কয় যে খেলুৱৈ হিচাপে কমনৱেলথ গেমছত অংশগ্রহণ কৰিব পাৰিব বুলি কোনোদিনে ভবা নাছিল৷

উল্লেখ্য যে কমনৱেলথ গেমছত প্রথমবাৰ মহিলাৰ পেৰা ল’ন বল ইভেণ্ট অন্তর্ভুক্ত কৰা হয় চলিত বর্ষত৷ স্কটলেণ্ডৰ পলাইন উইলছন আৰু ৰ’জমেৰীয়ে ১৭–৫ পইণ্টৰ ব্যৱধানত অষ্ট্রেলিয়াৰ যুটিক পৰাস্ত কৰে৷ প্রথমবাৰ কমনৱেলথ গেমছত অংশগ্রহণ কৰিয়েই ৰ’জমেৰীয়ে সাফল্য লাভ কৰে৷ অৱশ্যে প্রতিযোগিতাখনত ৰ’জমেৰীৰ অভিযান ইমান মসৃণ নাছিল৷ প্রথমৰ ফালে কেইবাখনো মেচত যুটিটোৱে ভাল খেলিব পৰা নাছিল৷ লাহে লাহে ছন্দলৈ উভতি অহা ৰ’জমেৰীহঁতে উন্নত প্রদর্শন কৰি স্বর্ণ পদক দখল কৰে৷ ১৯৩০ চনৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত যিকোনো ইভেণ্টত পদক জয় কৰা ৰ’জমেৰীয়েই আটাইতকৈ বয়স্ক খেলুৱৈ৷

Featured