ভাৰতীয় দললৈ আমন্ত্রণ লাভ কৰি অভিভূত বৰুণ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ ভাৰতীয় দললৈ প্রথমবাৰৰ বাবে আমন্ত্রণ লাভ কৰি অভিভূত হৈ পৰিছে তামিলনাডুৰ উদীয়মান স্পিনাৰ বৰুণ চক্রৱর্তী৷ আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ চমকপ্রদ প্রদর্শন দাঙি ধৰা ২৯ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে  পৰহি নিশা এই সুসংবাদ লাভ কৰা বুলি প্রকাশ কৰিছে৷

সংবাদ মাধ্যমৰ আগত তেওঁ  কয় যে ভাৰতীয় দলত স্থান লাভ কৰিব বুলি তেওঁ আশা কৰা নাছিল৷ ঘৰুৱা ক্রিকেটত এতিয়ালৈকে মাত্র ১২খন টি–২০ আৰু এখন প্রথম শ্রেণীৰ মেচ খেলা ক্রিকেটাৰগৰাকীৰ বাবে এই সংবাদ অবিশ্বাস্য বুলি উল্লেখ কৰিছে৷ ‘মেচ সমাপ্ত হোৱাৰ পিছতে মই জানিব পাৰিছিলোঁ যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে ঘোষণা কৰা ভাৰতীয় টি–২০ দলত মোক স্থান দিয়া হৈছে৷

এই সংবাদে মোক শিহৰিত কৰি তুলিছিল৷ ভাৰতীয় দলত স্থান লাভ কৰিম বুলি সপোনতো কল্পনা কৰা নাছিলোঁ৷ ২০১৫ চনলৈকে মই এগৰাকী স্থাপত্যবিদ আছিলো আৰু জীৱনৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল৷ সেই সময়তে মই ক্রিকেটৰ জগতত প্রৱেশ কৰোঁ আৰু ২০১৮ত স্পিন বলিঙৰ কৌশল আয়ত্ত কৰোঁ৷ তামিলনাডু প্রিমিয়াৰ লীগত খেলাৰ সুযোগ লাভ কৰাটো মোৰ কেৰিয়াৰৰ টার্নিং পইণ্ট বুলি মই অনুভৱ কৰোঁ৷’ বৰুণ চক্রৱর্তীয়ে এইদৰে কয়৷