পুনৰ পেছাদাৰী বক্সিঙলৈ বিজেন্দৰ সিং

নিয়মীয়া বাৰ্তা, ২২ জুনঃ দীর্ঘদিন বক্সিং ৰিঙৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ পেছাদাৰী বক্সিঙলৈ উভতি আহিব ভাৰতৰ তাৰকা বক্সাৰ বিজেন্দাৰ সিং৷ অহা আগষ্টত তেওঁ ‘ৰামবোল ইন দ্য জাংগ’ল’ ইভেণ্টত অংশগ্রহণ কৰিব৷ ৩৬ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০০৮ চনৰ অলিম্পিকত অংশগ্রহণ কৰি প্রথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে অলিম্পিক পদক জয় কৰিছিল৷ ইয়াৰ পিছতে ২০১৫ চনত পেছাদাৰী বক্সিং খেলিবলৈ লোৱা বিজেন্দৰে ১৩খন মেচ খেলি ১২খনত জয়লাভ কৰে৷ ইয়াৰ ভিতৰত ৮বাৰ তেওঁ প্রতিপক্ষ বক্সাৰক ন’কআউট কৰিবলৈ সক্ষম হয়৷ গোৱাত খেলা অন্তিমখন খেলত তেওঁ অপ্রত্যাশিতভাৱে পৰাজিত হয়৷