অসম - নিয়মীয়া বাৰ্তা

বৈজ্ঞানিক সমীক্ষাত কাজিৰঙাত মাটিগাহৰি থকাৰ তথ্য পোহৰলৈ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা বৈজ্ঞানিক সমীক্ষাত বিশ্বজুৰি সংকটাপন্ন (Vulnerable) প্ৰজাতি হিচাপে স্বীকৃত গ্ৰেটাৰ হগ বেজাৰ (Greater Hog Badger) বা স্থানীয়ভাৱে পৰিচিত মাটি গাহৰিৰ এক সুস্থ আৰু বিস্তৃত জনসংখ্যা থকাৰ তথ্য পোহৰলৈ আহিছে।

কাজিৰঙাৰ টাইগাৰ চেল, Wildlife Conservation Trust আৰু Tiasa Adhyaৰ সহযোগত সম্পন্ন কৰা এই অধ্যয়নত সৰ্বভাৰতীয় বাঘ গণনাৰ সময়ত সংগ্ৰহ কৰা কেমেৰা ট্ৰেপৰ তথ্য বিশ্লেষণ কৰা হয়। সমীক্ষা অনুসৰি, প্ৰায় ১,১০০ বৰ্গ কিলোমিটাৰ এলেকাজুৰি কমেও ৬০টা গ্ৰেটাৰ হগ বেজাৰ বাস কৰি আছে, যি এই প্ৰজাতিটোৰ বাবে এক সুস্থ আৰু টেকসই জনসংখ্যাৰ ইংগিত বহন কৰে।

বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ সূচী–১ৰ অন্তৰ্গত এই নিশাচৰ আৰু দুৰ্লভ স্তন্যপায়ী প্ৰাণীটোৰ বিশ্বজনীন জনসংখ্যা বাসস্থান ধ্বংস আৰু চিকাৰৰ ফলত হ্ৰাস পাইছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। সংৰক্ষণবিদসকলৰ মতে, বৰ্তমান অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এই প্ৰজাতিৰ অন্যতম গুৰুত্বপূৰ্ণ অৱশিষ্ট জনসংখ্যা সংৰক্ষিত হৈ আছে।

এই সফলতাক আদৰণি জনাই বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “এই দুৰ্লভ প্ৰজাতিটোৰ সুস্থ উপস্থিতিয়ে কাজিৰঙাৰ পৰিৱেশ ব্যৱস্থাৰ শক্তিশালী অৱস্থাৰ প্ৰতিফলন ঘটাইছে। সৰু হওক বা ডাঙৰ, প্ৰতিটো প্ৰজাতিয়েই পৰিৱেশীয় ভাৰসাম্য আৰু জীৱবৈচিত্ৰ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”

আনহাতে, কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে কয়, “কাজিৰঙা হৈছে জীৱবৈচিত্ৰ্যৰ এক অমূল্য ভঁৰাল। কম পৰিচিত প্ৰজাতিসমূহৰ বৈজ্ঞানিক তথ্য সংগ্ৰহে সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে উদ্যানখনৰ সমৃদ্ধ পৰিৱেশীয় ঐতিহ্য বুজিবলৈ সহায় কৰিব।”

বিশেষজ্ঞসকলৰ মতে, মাটি গাহৰিয়ে মাটি খনন আৰু খাদ্য অনুসন্ধানৰ জৰিয়তে মাটিত বায়ু চলাচল বৃদ্ধি, পুষ্টি উপাদানৰ পুনৰ বিতৰণ আৰু বিভিন্ন বাসস্থান গঠনত সহায় কৰে, যিয়ে সামগ্ৰিকভাৱে পৰিৱেশ ব্যৱস্থাক সুস্থ কৰি ৰাখে।

এই সমীক্ষাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে কাজিৰঙাত কেৱল গঁড়, বাঘ বা হাতীৰ দৰে বিখ্যাত বন্যপ্ৰাণী নহয়, বৰং কম পৰিচিত আৰু দুৰ্লভ প্ৰজাতিসমূহৰ সংৰক্ষণতো সমান গুৰুত্ব আৰোপ কৰা হৈছে। এই সাফল্যই কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ আন এক উল্লেখযোগ্য অধ্যায় হিচাপে পৰিগণিত হৈছে।

ডিজিটেল ডেস্ক, ১৩ জুন

The post বৈজ্ঞানিক সমীক্ষাত কাজিৰঙাত মাটিগাহৰি থকাৰ তথ্য পোহৰলৈ first appeared on নিয়মীয়া বাৰ্তা.

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মুখ্যমন্ত্ৰীৰ সংবাদ মেল
আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকৰ সামৰণিৰ পিছত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰী কৰে।

আৰ্য নগৰ ঘটনাক লৈ মন্তব্য

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে ‘আৰ্য নগৰৰ ঘটনা অসমীয়া–বিহাৰী সংঘাত নহয়’। তেওঁ উল্লেখ কৰে যে এয়া দুজন ব্যক্তিৰ ব্যক্তিগত কাজিয়া, যাক কিছুমানে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। তেওঁ লগতে সতৰ্ক কৰি কয় যে এনে বিভাজনমূলক প্ৰচেষ্টাই অসমত পুনৰ অশান্ত পৰিস্থিতি সৃষ্টি কৰিব পাৰে।

বিধানসভা অধিৱেশন আৰু চৰকাৰী আঁচনি

মুখ্যমন্ত্ৰীৰ মতে, অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব। লগতে তেওঁ কয় যে আগষ্ট মাহৰ পৰা বহু চৰকাৰী আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব। সেইমতে অৰুণোদয় আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হব।

ছেটেলাইট চিটি আৰু উন্নয়নমূলক পদক্ষেপ

গুৱাহাটী বিমানবন্দৰৰ আশে-পাশে এখন নতুন ছেটেলাইট চিটি নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই প্ৰকল্পক ৰাজ্যৰ নগৰ উন্নয়নৰ এক বৃহৎ পদক্ষেপ হিচাপে দেখা হৈছে।

VB-G RAM G আঁচনি আৰম্ভ

১ জুলাইৰ পৰা ৰাজ্যত আনুষ্ঠানিকভাৱে VB-G RAM G আঁচনি ৰূপায়ণ হ’ব। এই আঁচনিৰ অধীনত ‘প্ৰতিখন পঞ্চায়তে লাভ কৰিব ১ কোটিকৈ টকা’। ‘এই আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহে ১২৫ দিনৰ বাবে নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব’। ‘পঞ্চায়তৰ বাবেও প্ৰস্তুত কৰা হ’ব গাইডলাইন’।

অখিল গগৈৰ নিৰাপত্তা

মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়ক অখিল গগৈয়ে নিজেই নিজৰ জীৱনৰ নিৰাপত্তা সন্দৰ্ভত আশংকা প্ৰকাশ কৰিছিল। সেই অনুসৰি আৰক্ষীৰ অনুৰোধৰ ভিত্তিত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

অসমীয়া ভাষা আৰু জনসংখ্যা নীতি

মুখ্যমন্ত্ৰীয়ে দৃঢ় ভাষাত কয়— “চন্দ্ৰ-সূৰ্য থকালৈকে অসমীয়া ভাষা জীয়াই থাকিব।” তেওঁ লোকপিয়লত অসমীয়া ভাষা সঠিকভাৱে উল্লেখ কৰিবলৈ আহ্বান জনায় আৰু কয় যে অসমীয়া ভাষাক কোনেও দুৰ্বল বুলি ভাবিব নালাগে। তেওঁ লগতে লেণ্ড জেহাদ আৰু লাভ জেহাদক ৰাজ্যৰ মূল সমস্যা হিচাপে উল্লেখ কৰে।

আধাৰ কাৰ্ড সন্দৰ্ভত নতুন নিয়ম

মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি— ১৮ বছৰৰ ওপৰৰ লোকৰ আধাৰ প্ৰক্ৰিয়াত নতুন নিয়ম প্ৰযোজ্য হ’ব। TE, ST, SC শ্ৰেণীৰ লোকসকলে ২০২৭ চনৰ মাৰ্চলৈ আধাৰ কাৰ্ড লাভ কৰিব।

ডিজিটেল ডেস্ক, ১৩ জুন

The post ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মুখ্যমন্ত্ৰীৰ সংবাদ মেল first appeared on নিয়মীয়া বাৰ্তা.

যোৰহাটত বায়ুসেনাৰ ৫ জোৱান শ্বহীদ, প্ৰতিৰক্ষা মন্ত্ৰীৰ শোক
শনিবাৰে (১৩ জুন, ২০২৬) যোৰহাট জিলাত ভাৰতীয় বায়ুসেনাৰ এখন পৰিবহণ বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বায়ুসেনাৰ পাঁচজন জোৱান শ্বহীদ হয়। ভাৰতীয় বায়ুসেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

এই ঘটনা সেই সময়ত সংঘটিত হয় যেতিয়া ৪৩ স্কোৱাড্ৰনৰ AN-32 বিমানখন ৰৰৈয়া অঞ্চলস্থিত বায়ুসেনা ষ্টেচনত অৱতৰণ কৰি আছিল। বিমানখনত সামগ্ৰী লোড কৰা আছিল। এই ঘটনাৰ এটা ভিডিঅ’ও প্ৰকাশ পাইছে, য’ত দেখা যায় যে দুৰ্ঘটনাৰ পাছত বিমানখন দুটা ভাগত বিভক্ত হৈ যায় আৰু তাৰ পিছতেই তাত জুই লাগে।

IAF-এ জনাইছে যে এই দুৰ্ঘটনাত স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ দানিশ আলমে কৰ্তব্যৰ সময়ত সৰ্বোচ্চ বলিদান দিছে। তেওঁলোকে লগতে কয় যে এই শোকৰ সময়ত IAF দৃঢ়ভাৱে তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় হৈ আছে।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে যোৰহাটত AN-32 দুৰ্ঘটনাত ৫ জন এয়াৰ ৱ’ৰিয়াৰৰ মৃত্যুৱে গভীৰ শোকৰ সৃষ্টি কৰিছে। এই দুঃখৰ সময়ত দেশ দৃঢ়ভাৱে তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।

ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে জনাইছে যে এই দুৰ্ঘটনাত কো-পাইলটৰ প্ৰাণ বাচে আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। দুৰ্ঘটনাৰ পিছত বায়ুসেনাই কাৰণ অনুসন্ধানৰ বাবে এখন তদন্ত সমিতি গঠন কৰাৰ নিৰ্দেশ দিছে।

অসমৰ উজনিভাগত অৱস্থিত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বিমানবন্দৰ চৌহদত AN-32 পৰিবহণ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত বিমানখন অৰুণাচল প্ৰদেশৰ পৰা যোৰহাটলৈ আহি আছিল।

ডিজিটেল ডেস্ক, ১৩ জুন

The post যোৰহাটত বায়ুসেনাৰ ৫ জোৱান শ্বহীদ, প্ৰতিৰক্ষা মন্ত্ৰীৰ শোক first appeared on নিয়মীয়া বাৰ্তা.

যোৰহাট বায়ুসেনা ঘাটিত অঘটন, বিমান বিস্ফোৰণ
যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি, ভাৰতীয় বায়ুসেনাৰ AN-32 পৰিবহণ বিমান এখন অৱতৰণ কৰাৰ কিছু সময় পিছতেই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ঘটনাটোত বিমানখন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বায়ুসেনাৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু কাৰিকৰী ত্ৰুটি নে আন কোনো কাৰণত এই অঘটনা সংঘটিত হ’ল সেয়া অনুসন্ধান চলি আছে।

উল্লেখ্য যে যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ঘাটি পূৰ্বাঞ্চলত ভাৰতীয় বায়ুসেনাৰ এক গুৰুত্বপূৰ্ণ ঘাটি হিচাপে পৰিচিত, য’ৰ পৰা নিয়মিতভাৱে AN-32 পৰিবহণ বিমানৰ অভিযান চলোৱা হয়।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। যদিও প্ৰাথমিকভাৱে কোনো হতাহতৰ খবৰ প্ৰকাশ পোৱা নাই, তথাপি বায়ুসেনাই ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ১৩ জুন

The post যোৰহাট বায়ুসেনা ঘাটিত অঘটন, বিমান বিস্ফোৰণ first appeared on নিয়মীয়া বাৰ্তা.

অনাৰেব’ল মেনচন সন্মান লাভ পাৰ্থসাৰথি মহন্তৰ CHYIMI-ৰ
ভাৰতীয় এনিমেছন ছবি জগতলৈ ইতিপূৰ্বে গৌৰৱ কঢ়িওৱা ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত এনিমেটেড চুটি ছবি ‘ছিমি’এ সন্মানজনক ‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত শ্ৰেষ্ঠ চুটি ছবি শাখাত ‘অনাৰেব’ল মেনশ্যন’ (Honourable Mention) সন্মান লাভ কৰি আন এক খ্যাতি অৰ্জন কৰিছে।

এই সন্মানে এনিমেটেড চুটি ছবি জগতত “ছিমি”ৰ গৌৰৱময় যাত্ৰাক অধিক শক্তিশালী কৰি তুলিছে। ইতিমধ্যে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ পূৰ্বে “ছিমি”এ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতে নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলতো শ্ৰেষ্ঠ চুটি ছবি হিচাপে সন্মানিত হৈছিল। এনিমেটেড চুটি ছবিখনৰ এই সফলতাই অসমৰ পৰা নিৰ্মিত এক ব্যতিক্ৰমী শিল্পকৰ্মক বিশ্বজুৰি বিশেষ স্বীকৃতি প্ৰদান কৰিছে।

“ছিমি” হৈছে এখন এনিমেটেড চুটি ছবি, য’ত কাহিনী উপস্থাপনৰ কৌশল, অনুভূতি আৰু শিল্পসুলভ কল্পনাৰ এক সন্মোহিনী সমন্বয় পৰিলক্ষিত হয়। ড° পাৰ্থসাৰথি মহন্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখনে এনিমেছনক এক শক্তিশালী মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছে । ইয়াৰ জৰিয়তে ভৌগোলিক আৰু সাংস্কৃতিক পৰিসীমা অতিক্ৰম কৰি গভীৰ মানৱীয় কাহিনী উপস্থাপন কৰিব পাৰি।

ছবিখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। তেওঁলোকৰ উৎসাহ, সহযোগিতা তথা সৃষ্টিশীল চিন্তাধাৰাৰ ফলশ্ৰুতিতে ‘ছিমি’ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন সমাদৃত আৰু সফল চলচ্চিত্ৰ হিচাপে জিলিকি উঠিছে।

এই আন্তৰ্জাতিক স্বীকৃতি সন্দৰ্ভত ‘ছিমি’ৰ পৰিচালক ড° পাৰ্থসাৰথি মহন্তই দৰ্শক, বিচাৰক আৰু ছবিখনৰ সৈতে জড়িত কলা- কুশলী সকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয় যে এনে সন্মানে এই প্ৰান্তটোত সৃষ্টি হোৱা অৰ্থপূৰ্ণ কাহিনীৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ আৰু সমাদৰ বৃদ্ধি পোৱাৰ দিশটো পুনৰ নিশ্চিত কৰিছে আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক নতুন নতুন সৃষ্টিৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত “ছিমি”ৰ ধাৰাবাহিক সফলতা কেৱল ছবি নিৰ্মাতাৰ বাবেই নহয়, অসমৰ সৃষ্টিশীল সমাজখনৰ বাবেও গৌৰৱৰ বিষয়। ইয়াৰ জৰিয়তে আঞ্চলিক প্ৰতিভাই নিজৰ মৌলিকতা, সত্যতা আৰু শিল্পগুণৰ বলত বিশ্বমঞ্চত প্ৰতিযোগিতাত নামি সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা প্ৰতিফলিত হৈছে।

ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এতিয়া গ্ৰীচত লাভ কৰা সন্মানৰ ধাৰাবাহিকতাৰে “ছিমি”এ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহত নিজৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা অব্যাহত ৰাখিছে আৰু লগত কঢ়িয়াই লৈ ফুৰিছে অসমৰ কণ্ঠস্বৰ, কল্পনাশক্তি আৰু কাহিনী এটাক প্ৰক্ষেপ কৰাৰ কৌশল ।

ছবিখনে পূৰ্বে লাভ কৰা সন্মানসমূহ হ’ল জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি আৰু নিউয়ৰ্ক শ্বৰ্ট এনিমেছন ফেষ্টিভেলত শ্ৰেষ্ঠ চুটি ছবি।

ডিজিটেল ডেস্ক, ১২ জুন

The post অনাৰেব’ল মেনচন সন্মান লাভ পাৰ্থসাৰথি মহন্তৰ CHYIMI-ৰ first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা অতিৰিক্ত মুখ্য সচিবৰ
গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি অমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কাৰ্তিক এন উপস্থিত থাকে।

সভাত প্ৰকল্পটোৰ সৈতে জড়িত ভূমি-অধিগ্ৰহণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সভাক অৱগত কৰে।

সভাত ভাষণ প্ৰদান কৰি অতিৰিক্ত মুখ্য সচিব এল এছ চাংছনে চলি থকা কামসমূহ অধিক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, গুৱাহাটী ৰিং ৰোড প্ৰকল্প ৰাজ্যখনৰ এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্প আৰু ইয়াৰ সময়মতে সম্পূৰ্ণকৰণ নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত নিবিড় সমন্বয় অত্যন্ত প্ৰয়োজনীয়।

তেওঁ ৰূপায়ণৰ সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ তৎপৰতাৰে সমাধান কৰাৰ আহ্বান জনোৱাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলোধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

লগতে, অমীমাংসিত বিষয়সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰয়োজন অনুসৰি সংশ্লিষ্ট প্ৰস্তাৱসমূহ শীঘ্ৰে দাখিল কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে।সভাত প্ৰকল্পটোৰ সৈতে জড়িত বিভিন্ন প্ৰশাসনিক আৰু কাৰ্যপদ্ধতিগত বিষয়সমূহো আলোচনা কৰা হয়।

কামৰ সুচাৰু আৰু বাধাহীন ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰক্ৰিয়া সৰলীকৰণ আৰু বিদ্যমান জটিলতাসমূহ দূৰ কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

আজিৰ সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব বিদ্যুৎ বিকাশ ভাগৱতী, কামৰূপ, দৰং আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তসকল, সংশ্লিষ্ট জিলাসমূহৰ চক্ৰ বিষয়াসকল আৰু প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, চাংসাৰি, উত্তৰ গুৱাহাটী, ১২ জুন

The post গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা অতিৰিক্ত মুখ্য সচিবৰ first appeared on নিয়মীয়া বাৰ্তা.

মেঘালয়ৰ তুৰাত ৫ বাংলাদেশী আটক
মেঘালয়ৰ তুৰাত ৫ বাংলাদেশী আটক। আটক কৰা বাংলাদেশীকেইগৰাকী বৃহস্পতিবাৰে হাটশিঙিমাৰীৰ পৰা বলেৰো এখনেৰে মেঘালয়ৰ তুৰা হৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত মেঘালয়ৰ তুৰাৰ প্ৰহৰী নগৰত তীক্ষ্ণ চেকিঙত আটক হয়।

আটকাধীন বাংলাদেশীকেইগৰাকী হল- বাংদেশৰ ৰাজশ্বাহী জিলাৰ গোডাগাৰী থানাৰ অন্তৰ্গত ছেৰামকুণ্ডী গাঁৱৰ ছাদিকুল ইছলামৰ পুত্ৰ ছহেল ৰানা, আকাশ আলীৰ পুত্ৰ ছবি আলী, ফইজুৰ আলীৰ পুত্ৰ তাছেকুল ইছলাম, ৰফিদুল ইছলামৰ পুত্ৰ জিয়াদুৰ শ্বেখ আৰু আকাশ আলীৰ পুত্ৰ নবী আলী।

ডিজিটেল ডেস্ক, ১২ জুন

The post মেঘালয়ৰ তুৰাত ৫ বাংলাদেশী আটক first appeared on নিয়মীয়া বাৰ্তা.

চৰাইদেউ অসামৰিকত চাকৰিত যোগদান কৰিবলৈ গৈ হতভম্ব যুৱক-যুৱতী
শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰা কুখ্যাত অপৰাধী চক্ৰটোৰ কৱলত পৰি চৰাইদেউৰ শতাধিক যুৱক-যুৱতীৰ মুৰত সৰগ ভাঙি পৰিছে।

দীৰ্ঘ সময়ৰ পৰাই আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি কুখ্যাত অপৰাধী চক্ৰটোৱে অন-লাইনৰ জৰিয়তে ধন সংগ্ৰহ কৰি চাকৰি দিয়াৰ প্ৰলোভন দি আহিছিল। তেনে চক্ৰান্তৰে অংশ বিশেষত চৰাইদেউ জিলাৰ কিছু সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে আজি হাতত এপইণ্টমেণ্ট লেটাৰ লৈ জীৱনৰ প্ৰথমটো চাকৰিত যোগদানৰ বাবে ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল।

কিন্তু চাকৰিত যোগদানৰ বাবে যোৱা যুৱক-যুৱতীৰ এপইণ্টমেণ্ট লেটাৰ দেখি অসামৰিক  চিকিৎসালয় কৰ্তৃপক্ষ হতভম্ব হয়। কাৰণ সংশ্লিষ্ট এপইণ্টমেণ্ট লেটাৰ সমূহ সম্পূৰ্ণ ভুৱা আছিল।তেতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰে।

প্ৰাপ্ত তথ্য মতে, সামাজিক মাধ্যমৰ জৰিয়তে চাকৰি প্ৰদান কৰাৰ প্ৰলোভন দিয়া কিছু “ছাইট” আৰু “ৱাটছ-আপ” গ্ৰুুপত চাকৰিৰ আশা কৰিয়েই জিলাখনৰ নিৱনুৱা যুৱক-যুৱতীয়ে অন-লাইনৰ জৰিয়তে আৱেদন কৰিছিল।

চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ক্ৰমে ষ্টাফ মেনেজমেণ্ট, ৰিচিপষ্টনিষ্ট, লেৱটেৰি টেকনেচিয়ান,ৱাৰ্ড বয়, কেণ্টিন মেনেজমেণ্ট, নাৰ্ছ (এ এন এম ), চুপাৰ ভাইজাৰ,  চিকিৎসকৰ ব্যক্তিগত সহায়ক, চিকিউৰিটি গাৰ্ড আদি পদত নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছিল কুখ্যাত অপৰাধী চক্ৰটোৱে।

অপৰাধী চক্ৰটোৱে চাকৰিত মকৰল হোৱাৰ পাছতেই মাহে ২৫ হাজাৰ টকাৰ দৰমহা লাভ কৰিব বুলিও কৈছিল।ইফালে, অন-লাইনৰ জৰিয়তে চাকৰিৰ আৱেদন কৰাৰ পাছতেই চাকৰি প্ৰাৰ্থীৰ সততে অপৰাধী চক্ৰটোৱে মবাইলত বাৰ্তালাপ কৰি ধন আদায় কৰাত জপিয়াই পৰে।

বিভি্ন্ন প্ৰলোভন আৰু চলাহী কথাৰে প্ৰাৰ্থীসকলৰ পৰা কুখ্যাত চক্ৰটোৱে অন-লাইনৰ জৰিয়তে ক্ৰমে, ৫০০, ৪,৫০০, ১০,০০০ টকাকৈ সংগ্ৰহ কৰে। অন-লাইনৰ জৰিয়তে সংগ্ৰহ কৰা এই ধন নাজিৰুদ্দিন নামৰ লোকজনৰ একাউণ্টত জমা হৈছিল।

মন কৰিবলগীয়া যে, কুখ্যাত অপৰাধী চক্ৰটোৱে কালিলৈকে অন-লাইনৰ জৰিয়তে ধন সংগ্ৰহ কৰি আছিল।ইফালে, চৰাইদেউ জিলা অসামৰিক  চিকিৎসালয়ত  ভুৱা চাকৰি দিয়াৰ নামত কুখ্যাত চাইবাৰ অপৰাধী চক্ৰটোৱে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে ঘটনাত জৰিত চাইবাৰ অপৰাধী চক্ৰটোৰ সন্ধানৰ লগতে গ্ৰেপ্তাৰ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জনা গৈছে।

জানিব পৰা মতে,চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ পৰাই ধন সংগ্ৰহ অভিযান চলাইছিল যদিও চৰাইদেউ জিলাৰো একাধিক ব্যক্তি জৰিত থকাৰ তথ্য পোহৰলৈ আহিছে।

বিশেষ বাৰ্তা, সোণাৰি, ১২ জুন

The post চৰাইদেউ অসামৰিকত চাকৰিত যোগদান কৰিবলৈ গৈ হতভম্ব যুৱক-যুৱতী first appeared on নিয়মীয়া বাৰ্তা.

যুদ্ধৰ প্রভাৱ : মধ্যপ্রাচ্যলৈ অসমৰ চাহ ৰপ্তানি ২০% হ্রাস
পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বিভীষিকাৰ বাবেই সমগ্র দেশৰ লগতে অসমতো পেট্র’ল–ডিজেলকে ধৰি ইন্ধনজাত সামগ্রীৰ নাটনি আৰু দাম বৃদ্ধিয়ে যে হৈছে তেনে নহয়, পশ্চিম এছিয়াৰ যুদ্ধৰ প্রভাৱ অসমৰ চাহ উদ্যোগ খণ্ডতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে৷

বিশেষকৈ অসমৰ পৰা পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ যুদ্ধৰ বাবে চাহৰ ৰপ্তানিৰ পৰিমাণো ব্যাপক মাত্রাত হ্রাস হৈছে৷ বিগত বর্ষত অভিলেখ ভংগ কৰি ২৮০.৪০ মিলিয়ন কেজি চাহ ভাৰতে বিদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধ হোৱাত পশ্চিম এছিয়াৰ দেশসমূহলৈ চাহৰ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হৈছে৷

উল্লেখ্য যে চাহ ৰপ্তানিৰ ক্ষেত্রত চাহৰ উৎপাদনকাৰী মূল ৰাজ্য অসমৰ পৰাই পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ অধিক চাহ ৰপ্তানি হয়৷ মুখ্যতঃ যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধৰ প্রভাৱ, ৰপ্তানিৰ বাবে চাহৰ বীমাৰ ব্যয় বৃদ্ধি, আকাশলংঘী মালবাহী ব্যয়, পশ্চিম এছিয়াৰ দেশসমূহৰ বেংকিং খণ্ডত যুদ্ধৰ প্রভাৱ, ইণ্টাৰনেট কর্তন, ধনৰ লেনদেন–গেৰাণ্টী আদিকে ধৰি কেইবাটাও কাৰকে অসমকে ধৰি উত্তৰ–পূবৰ পৰা চাহৰ ৰপ্তানি মধ্যপ্রচ্যৰ দেশসমূহ, ইৰান, ইৰাক, ওমান, ইউএই আদি দেশসমূহলৈ হ্রাস হৈছে৷

তথ্য অনুসৰি যুদ্ধৰ বাবে ২০২৬ চনৰ জানুৱাৰী–মার্চ কোৱার্টাৰত ভাৰতে ২১.০১ মিলিয়ন কেজি চাহ ৰপ্তানি কম কৰিবলৈ বাধ্য হয়৷ তথ্য অনুসৰি ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহলৈ ৪৬ শতাংশ চাহ ৰপ্তানি কৰে৷ আনহাতে ইউৰোপ আৰু কমনৱেল্থ দেশসমূহলৈ ৮৭ শতাংশ চাহ ৰপ্তানি কৰে ভাৰতে৷

পশ্চিম এছিয়াৰ দেশসমূহ যেনে– ইৰাক, ইৰান, ছৌদি আৰবীয়া, তুৰস্ক আৰু ইজিপ্তলৈ চাহ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হোৱাত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ চাহ উদ্যোগৰ ক্ষেত্রতো ব্যাপক প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ এই সন্দর্ভত গুৱাহাটী অকচন বায়াৰ এছ’চিয়েচনৰ সচিব দীনেশ বিহানীয়ে এই প্রতিবেদকক কয় যে অসমত উৎপাদন হোৱা ১৫–২০ শতাংশ অর্থডক্স চাহৰ অধিকাংশই ৰপ্তানি হয় বিদেশলৈ৷

যোৱা এপ্রিলৰ পৰা পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ প্রভাৱত ২০ শতাংশ পর্যন্ত অর্থডক্স চাহ পশ্চিম এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাত ৰপ্তানিকাৰী ব্যৱসায়িক গোষ্ঠী ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ হৰমুজ প্রণালীত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ বাবেই উক্ত পথেৰে জাহাজ চলাচলত অসুবিধা হোৱাৰ বাবে ৰপ্তানিকাৰী ব্যৱসায়ীসকলে বিকল্প পথৰ সন্ধান কৰিবলগীয়া হৈছে৷

যিটো ব্যৱসায়ীসকলে বহন কৰাত অসমর্থ৷ হৰমুজ প্রণালীৰ জটিল বাণিজ্যিক কৰিড’ৰ যুদ্ধৰ বাবে ভয়াৱহভাৱে ক্ষতিগ্রস্ত হোৱাত পশ্চিম এছিয়াৰ দেশসমূহৰ ডাঙৰ ক্রেতাসকলৰ সৈতে চুক্তি স্থবিৰ হৈ পৰিছে৷ ব্যৱসায়ীসকলে ব্যৱসায়ৰ বাবে হৰমুজ প্রণালী ত্যাগ কৰি বিকল্প পথৰ সন্ধান কৰাত অর্থাৎ জাহাজ কোম্পানীসমূহে হৰমুজ প্রণালী এৰি কেপ অৱ গুড হ’পৰ যোগেদি জাহাজসমূহক পশ্চিম এছিয়ালৈ নিয়াৰ বাবে মালবাহী ব্যয় বৃদ্ধি, বীমাৰ পৰিমাণ বৃদ্ধি আদি কাৰণত চাহ ৰপ্তানিত অসুবিধাৰ সন্মুখীন হৈছে৷

এতিয়া এইসমূহ দেশলৈ জাহাজ চলাচলৰ ক্ষেত্রত ৪০–৬০ দিন লগাত ব্যয় বৃদ্ধি হৈছে৷ পূর্বে মুম্বাই প’টৰ পৰা জাহাজ পোনে পোনে এই দেশসমূহলৈ যোৱাত কম ব্যয়তে চাহ ৰপ্তানি কৰিবলৈ ব্যৱসায়ীসকল সক্ষম হৈছিল যদিও এতিয়া এয়া সম্ভৱ হৈ থকা নাই৷

পশ্চিম এছিয়াৰ দেশসমূহৰ অর্থনৈতিক মন্দাৱস্থাৰ কাৰণে উল্লিখিত দেশসমূহতো ব্যাপক প্রভাৱ পৰিছে৷ এনে পৰিপ্রেক্ষিততে পশ্চিম তথা মধ্য এছিয়ালৈ চাহৰ ৰপ্তানি হ্রাসে চাহ উৎপাদনৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা অসমৰ লাখ লাখ শ্রমিক আৰু হাজাৰ হাজাৰ ক্ষুদ্র চাহ খেতিয়কক মাধমাৰ যে শোধাব, সেয়া এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১২ জুন

The post যুদ্ধৰ প্রভাৱ : মধ্যপ্রাচ্যলৈ অসমৰ চাহ ৰপ্তানি ২০% হ্রাস first appeared on নিয়মীয়া বাৰ্তা.

ঢকুৱাখনাত ভয়ংকৰ ৰূপত বৃদ্ধি প্ৰকৃতিৰ অজান শত্ৰু হিচাপে চিহ্নিত পাৰ্থেনিয়াম
বিষাক্ত সৌন্দৰ্যই ছানি ধৰিছে অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তত পার্থেনিয়াম নামৰ এজোপা বিদেশী অপতৃণই ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্যৰ পথ-পথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম। ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে গুৰুতৰ ভাবুকি।

মাৰাত্মক তথা মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বৰবিহ স্বৰূপ এই পাৰ্থেনিয়ামে সকলোৰে অগোচৰে এক ভয়ংকৰ সময় কঢ়িয়াই আনিছে অসমলৈ। সমগ্ৰ অসমৰ লগতে ঢকুৱাখনাতো অতি মৰাত্মক ৰূপত পাৰ্থেনিয়াম নামৰ অপতৃণই ছানি ধৰা পৰিলক্ষিত হৈছে।

ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে প্ৰকৃতিৰ অজান শত্ৰু হিচাপে পৰিচিত বিষাক্ত পাৰ্থেনিয়াম। সম্প্ৰতি ব্যাপকভাৱে বগীবিলৰ পৰা ঢকুৱাখনাৰ মাতমৰা হৈ মাজুলী সংযোগী পথৰ দুয়োকাষে ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়াম।

অতি বিষাক্ত পাৰ্থেনিয়ামৰ ভয়ংকৰ বৃদ্ধিয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ।আন গছৰ দৰেই ৰাস্তাৰ কাষত অথবা বাৰীৰ চুকত লহপহকৈ গজি উঠা আৰু সময়ত বগা বগা ফুল ফুলা এই বন কোনো সাধাৰণ বন নহয়।

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়াম।জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ এই পাৰ্থেনিয়াম।উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি, কাহ, হাঁপানী, এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত।

এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে ইয়াৰ মাজেৰে গৰু -ছাগলী পাৰ হ’লে বা এই পাৰ্থেনিয়াম ভক্ষণ কৰিলে ৰোগাক্ৰান্ত হৈ পৰিব পাৰে মৃত্যুমুখত।তদুপৰি এই অপতৃণ মৰি যোৱাৰ সময়ত ই ধূলি হৈ বতাহত মিলি যায় আৰু সহজতে মানৱ শৰীৰত আক্ৰান্ত কৰে।

তথ্য অনুসৰি-১৯৫৫ চনত ভুল:বশত ভাৰতলৈ আহিছিল বিষাক্ত পাৰ্থেনিয়াম। আমদানিকৃত ঘেঁহুৰ লগত ভাৰতলৈ আহিছিল পাৰ্থেনিয়াম। পাৰ্থেনিয়ামৰ জীৱন কাল তিনিৰ পৰা চাৰি মাহ। এই সময়ছোৱাত এজোপা গছে তিনিবাৰকৈ ফুল ফুলি বীজ উৎপাদন কৰি বংশ বৃদ্ধি কৰে।

এজোপা গছত চাৰি হাজাৰৰ পৰা পঁচিশ হাজাৰ পৰ্য্যন্ত বীজ ধৰে বাবে বংশবৃদ্ধি দ্ৰুত গতিত বৃদ্ধি পাইছে।উদ্ভিদ বিজ্ঞানীসকলৰ মতে-পাৰ্থেনিয়ামৰ ফুল আৰু বীজত Sesquiterpene Lactones নামৰ এক টক্সিন বা বিষ পোৱা যায়।

এই টক্সিন মানুহ আৰু জীৱ জন্তুৰ বাবে অতি ক্ষতিকাৰক। জন্তুৰ শৰীৰ ফুলি উঠে, জ্বৰ, বদহজম আৰু নানা উপসৰ্গই দেখা দিয়ে। মানুহৰ শৰীৰত লাগিলে ছাল ৰঙা পৰি খজুৱতি হয়। সময়ত ই ছালৰ কেঞ্চাৰ ৰোগৰ কাৰণো হৈ পৰে।

ফুলৰ ৰেণু ইমানেই ক্ষুদ্ৰ যে ই উশাহ-নিশাহ লওঁতে শৰীৰত সোমাই হাঁওফাঁওত প্ৰৱেশ কৰি নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে। পাৰ্থেনিয়ামৰ ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এলাৰ্জি , হাঁপানি, ব্ৰঙ্কাইটিচ, ছালৰ বিভিন্ন ৰোগ, অসহ্য মূৰৰ বিষ, ঘনে ঘনে জ্বৰ উঠা আদি নানা প্ৰকাৰৰ ৰোগ সৃষ্টি কৰে।

বদ হজম আদি নানা ৰোগৰ সৃষ্টি কৰাৰ উপৰিও কেন্সাৰৰ দৰে ৰোগৰো কাৰক বুলি গৱেষণাত প্রকাশ পাইছে। তুলনামুলকভাবে পৰ্যবেক্ষণ কৰিলে দেখা যায় বৰ্তমান ঢকুৱাখনাত চৰ্দী জ্বৰ কাঁহ চকুৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে।

গছ জোপাৰ পৰা দহ মিটাৰৰ ভিতৰত থাকিলেই ইয়াৰ ৰেণু উশাহ-নিশাহ লওঁতে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি এই সমূহ ৰোগৰ কাৰণ হৈ পৰিব পাৰে।পাৰ্থেনিয়ামৰ এই ভয়ংকৰ বিস্তাৰে অতি কম সময়ৰ ভিতৰতে বহু লোকক আক্ৰান্ত কৰাটো নিশ্চিত!

উল্লেখ্য যে, এই গছজোপা চিনাক্ত কৰিবলৈ অতিকৈ সহজ। ইয়াৰ উচ্চতা ০.৫ পৰা ২ মিটাৰ পৰ্যন্ত হয়। পাত সৰু আৰু আঙুলিৰ দৰে খাজ কটা, সেউজীয়া, ৰোমযুক্ত, আৰু বিকল্প পাত যুক্ত। গুচ্ছৰূপত ৫ মি.মি. ব্যাসৰ পুষ্পবিন্যাসৰ সৈতে ফুলবোৰ সৰু, বগা ৰঙৰ হয়।

বীজ ক’লা, পাখি-আকৃতিৰ, বগা আঁচল থকা। এজোপা গছে বছৰি প্ৰায় ২০ ৰ পৰা ২৫ হাজাৰ পৰ্য্যন্ত গুটি উৎপাদন কৰিব পাৰে। বছৰত দুবাৰ এপ্রিল-জুন আৰু চেপ্তেম্বৰ-নৱেম্বৰ মাহত ফুল ফুলি গুটি ধৰে। ই অতি প্রতিকূল ঠাইটো সহজে জীয়াই থাকিব পাৰে।

তাৰোপৰি দ্রুতগতিত বৃদ্ধি হ’ব পৰা ক্ষমতা থকা বাবে কাষৰ ঠাইখিনিৰ পৰা পুষ্টি বেছিকৈ আহৰণ কৰি প্ৰতিৱেশী উদ্ভিদবোৰ ক্ষতি হয়।এইবিধ উদ্ভিদ সমগ্র বিশ্বৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে।

IUCNয়ে ‘বিশ্বৰ আটাইতকৈ ক্ষতিকাৰক অপকাৰী উদ্ভিদ প্রজাতি” ৰ তালিকাত অন্তর্ভুক্ত কৰিছে। ভাৰত, অষ্ট্ৰেলিয়া, ইথিঅপিয়া, আৰু দক্ষিণ আফ্রিকাত বিশেষ সমস্যা ৰূপে থিয় দিছে।জলবায়ু পৰিবৰ্তনৰ লগে লগে ইয়াৰ বিস্তাৰণ ক্ষিপ্ৰতৰ হ’বলৈ ধৰিছে।

ইয়াৰ বিস্তাৰ নতুন অঞ্চললৈ হোৱাৰ সম্ভাৱনা অধিক।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বিষাক্ত এই অপতৃণবিধক তাৎক্ষণিকভাৱে ধ্বংস কৰিবলৈ সংশ্লিষ্ট বিভাগকবিভাগক দাবী জনাইছে সচেতন ৰাইজে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১১ জুন

The post ঢকুৱাখনাত ভয়ংকৰ ৰূপত বৃদ্ধি প্ৰকৃতিৰ অজান শত্ৰু হিচাপে চিহ্নিত পাৰ্থেনিয়াম first appeared on নিয়মীয়া বাৰ্তা.