নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোনমলৈ সকাহ : জামিনত স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে

ৰাজা ৰঘুবংশী হত্যা গোচৰৰ মুখ্য অভিযুক্ত সোনম ৰঘুবংশীক দিয়া জামিনৰ ওপৰত তৎক্ষণাত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১০ জুলাইত অনুষ্ঠিত হ’ব।

মেঘালয় চৰকাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ সেই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, য’ত সোনম ৰঘুবংশীক প্ৰদান কৰা জামিন বাহাল ৰখা হৈছিল। উল্লেখ্য, ২০২৫ চনৰ মে’ মাহত স্বামী ৰাজা ৰঘুবংশীৰ হানীমুনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত সোনম।

শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে সোনমে নিজৰ লগত থকা আন তিনিজন সহযোগীৰ সৈতে মিলি ৰাজা ৰঘুবংশীৰ ওপৰত আক্ৰমণ চলাই হত্যা কৰিছিল আৰু পিছত মৃতদেহ গভীৰ খাদত পেলাই দিয়ে। ঘটনাৰ পিছত তেওঁ পলায়ন কৰিছিল আৰু পিছত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰোপপত্ৰৰ উল্লেখ কৰি তুষাৰ মেহতাই কয় যে নিম্ন আদালত আৰু বিচাৰ আদালতে সোনমৰ বিৰুদ্ধে প্ৰথম দৃষ্টিতেই (prima facie) শক্তিশালী প্ৰমাণ পোৱাৰ লগতে তেওঁৰ জামিন আবেদন তিনিবাৰ নাকচ কৰিছিল। লগতে তেওঁ পলায়ন কৰিব পাৰে, সাক্ষীক প্ৰভাৱিত বা ভাবুকি দিব পাৰে আৰু প্ৰমাণ নষ্ট কৰাৰ আশংকাও ব্যক্ত কৰিছিল।

তেওঁ আদালতত এইটোও যুক্তি দাঙি ধৰে যে গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তক গ্ৰেপ্তাৰৰ সকলো কাৰণ সম্পূৰ্ণভাৱে অৱগত নকৰাৰ অভিযোগ আৰু এটা আইনী ধাৰাৰ নম্বৰ টাইপ কৰাত হোৱা সামান্য ভুলৰ ভিত্তিত জামিন প্ৰদান কৰা হৈছিল। এনে ক্ষুদ্ৰ কাৰিকৰী ভুলৰ বাবে জামিন দিয়াটো উচিত নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে উক্ত কাৰিকৰী ভুলটো অতি গুৰুত্বপূৰ্ণ নহয়। আদালতে প্ৰথমে উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত স্থগিতাদেশ দিয়াৰ কথা বিবেচনা কৰিছিল যদিও পিছত জানিব পাৰে যে সোনেম ইতিমধ্যে কাৰাগাৰৰ পৰা মুক্তি পাই জামিনৰ চৰ্ত অনুসৰি শ্বিলঙতে অৱস্থান কৰি আছে। সেই পৰিস্থিতিত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাটো আইনৰ নীতিৰ সৈতে সংগতি নাখায় বুলি মন্তব্য কৰি আদালতে তৎক্ষণাত জামিন স্থগিত কৰিবলৈ অস্বীকাৰ কৰে।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে মেঘালয় উচ্চ ন্যায়ালয়ৰ জামিন বহাল ৰখা ৰায়ৰ কিছুমান দিশত আপত্তি থকাৰ কথাও উল্লেখ কৰে। ন্যায়াধীশ এম. এম. সুন্দৰেশে কয় যে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত সম্পৰ্কে আদালতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, যিবোৰৰ ওপৰত পৰৱৰ্তী শুনানিত আলোচনা হ’ব।

উল্লেখ্য যে ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়ে শ্বিলঙৰ আদালতে প্ৰদান কৰা জামিনৰ আদেশ বাহাল ৰাখি ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰিছিল। সেই আদেশত গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াত গুৰুতৰ আইনী ত্ৰুটি থকাৰ বাবে ছোনাম ৰঘুবংশীক জামিন দিয়া হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like