নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা

​অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ-২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি আয়োজন কৰা অভিলাষী প্ৰকল্প ‘গ্ৰন্থবৰ্ষ-২০২৫ ফেল’শ্বিপ’ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বিশিষ্ট লেখক, অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত দহজনীয়া সমিতিয়ে দীৰ্ঘদিনীয়া বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ফেল’শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ বাইশটা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা আহ্বান কৰা পাণ্ডুলিপিসমূহৰ পৰা বিচাৰকসকলে এই তালিকা নিৰ্বাচিত কৰে।

​বিভিন্ন বিষয়ৰ ফেল’শ্বিপৰ বাবে ৫১২গৰাকী লেখকৰ পৰা মুঠ ৫৪৭টা পাণ্ডুলিপিৰ পৰা ৪৯গৰাকী লেখকৰ পাণ্ডুলিপি নিৰ্বাচন কৰে। ভাষা অনুযায়ী ​ফেল’শ্বিপ প্ৰাপকসকলৰ নাম আৰু পাণ্ডুলিপিৰ শিৰোনাম যথাক্ৰমে-

​অসমীয়া ভাষা:
​প্ৰকল্প ৰঞ্জন ভাগৱতী : কথা কোৱা ঘোঁৰা ​তুতুল মানৱ: মনৰ জগত, ​নাং অজন্তা বুঢ়াগোহাঞি: অসমৰ সাতোটা টাই জনগোষ্ঠী, ​নৱজ্যোতি পাঠক : সভা : অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য, ​ৰংমন ৰংদৈ (ৰমেশ বৰুৱা): তোমালোক নিৰোগী হোৱা, ​শাংকব কৌশিক বৰুৱা : ‘ৰিবেল চন অব্‌ কংগ্ৰেছ’ : হৰেশ্বৰ গোস্বামী, ​বিদ্যুৎ বৰুৱা : বাঙ্ময় প্ৰাচীৰ, ​বিনয় মোহন শইকীয়া : বৈষ্ণৱ, শৈৱ আৰু গৌণ ধৰ্মমতসমূহ (অনুবাদ), ​ববিতা ফুকন : কাজিৰঙাৰ দুৰন্ত প্ৰেমিক ডাঃ ৰবীন বেনাৰ্জী, ​সত্যব্ৰত বৰা: মহাকাশৰ সীমনা বিচাৰি, ​অপৰাজিতা পূজাৰী: দেৱীমাতৃকা কামাখ্যা (অনুবাদ), ​শশীধৰ দেউৰী: দেউৰী জাতিৰ সংস্কৃতি, ​নকুল কুৰ্মী: ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান, ​ড॰ ৰুমী নাথ: ডালু জনগোষ্ঠী, ​অতুল মজুমদাৰ: বিবৰ্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, ​সঞ্জীৱ সভাপণ্ডিত: ভূমিৰ পৰা ভূমালৈ, ​চয়নিকা দত্ত: সাহিত্য আৰু প্ৰযুক্তি, ​প্ৰীতিৰেখা ভূঞা: স্বপ্নবাসৱদত্তা (অনুবাদ) , ​ড॰ ভূপেন্দ্ৰ ৰায়চৌধুৰী: ভাৰতীয় সংস্কৃতিৰ দিগদৰ্শন, ​নীলিমা গোস্বামী শৰ্মা: আনন্দৰাম ঢেকিয়াল ফুকন, ​ৰাজীৱ শৰ্মা: অসমীয়া ব্ৰাহ্মণৰ ইতিবৃত্ত, ​ৰমানন্দন বৰা: হিন্দু ধৰ্মৰ প্ৰতীক : আধুনিক বিচাৰ,​ জিন্তু গীতাৰ্থ: ডিমাছা লোকগাথা, সমাজ, সংস্কৃতি, ​পুলিন কলিতা: আমবাৰীৰ ঐতিহ্য, ​ড॰ গজেন্দ্ৰ অধিকাৰী: শিলালিপি আৰু তাম্ৰফলিত পুৰণি কামৰূপ, ​দীপক কুমাৰ কলিতা: ভাৰতৰত্ন সত্যজিৎ ৰায়, ​নিভা শইকীয়া: প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, ​ড॰ মৃদুস্মিতা ফুকন: সমকালীন অসমৰ প্ৰেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, ​যতীন মৰাণ: মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি, ​ড॰ অনুশ্ৰী শৰ্মা বৰুৱা: বেলটৰ মাজৰ প্ৰেম (অনুবাদ), ​হৰিবন্ধু বিশ্বাস: নমঃ শূদ্ৰ সম্প্ৰদায়ৰ লোকসংস্কৃতি, ​গীতিমালিকা নেওগ: জননেতা বিষ্ণুৰাম মেধি, ​সুবোধমল্ল বৰুৱা: অসমৰ ফুটবল, ​ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা: অসমৰ পখিলা, ​ড॰ নৱ কুমাৰ চমুৱা: ইকক্ৰিটিছিজম, ​বন্দিতা গোস্বামী শৰ্মা: বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন, ​মোহন লাগাচু: মানৱ জাতিৰ পিতৃ আবুতানি, ​ড॰ যাদৱ চন্দ্ৰ কলিতা: ভাৰতীয় ঐতিহ্যত পাৰিপাশ্বিৰ্ক মূল্যবোধৰ চেতনা, ​ইপ্সিতা কন্দলি শৰ্মা: নাৰী সৱলীকৰণ।

​বাংলা ভাষা
​দেবযানী চৌধুৰী: বৰাক উপত্যকাৰ ঐতিহ্যেৰ ইতিকথা, ​সুদেষ্ণা চন্দ: ফেলে আসা দিনগুলি (মূল অসমিয়া– নলিনীবালা দেবী), ​শিশিৰ সেনগুপ্ত: স্বাধীনতা সংগ্ৰামে অসমেৰ বীৰ-বীৰাঙ্গনা, ​শাশ্বতী ঘোষ দস্তিদাৰ: দন্দুয়া দ্ৰোহ (মূল অসমিয়া– ৰজনীকান্ত বৰদলৈ), ​নিবেদিতা চক্ৰৱৰ্তী: ৰাজমোহন নাথেৰ ৰঙ্গৰসেৰ গল্প (মূল– পীতাম্বৰ ৰাজমেধি), ​নিকিতা সাহা: পুৰনো কামৰূপেৰ ধৰ্মেৰ ধাৰা (মূল অসমিয়া– ড॰ বাণীকান্ত কাকতি), ​শ্যামাশ্যাম কৃষ্ণপূজাৰি চট্টোপাধ্যায়: চমস্কীয় ব্যাকৰণঃ তত্ত্ব ও বিশ্লেষণ

বড়ো ভাষা
​ৰিপেন বড়ো: বনফুল(অনুবাদ), ​সুশান্ত নাৰলা মুছাহাৰী: বাথৌ ধৰ্ম আৰু খেৰাই উৎসৱ, ​পদুলাল ৰামচিয়াৰী: AIৰে মহাসাগৰ পৰিভ্ৰমণ।

উল্লেখ্য যে ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ লাভ কৰা লেখকসকলে ৫০ হাজাৰ টকাৰ লগতে একোখন প্ৰমাণ পত্ৰ লাভ কৰিব। ​এই ফেল’শ্বিপৰ নিৰ্বাচনৰ বাবে ​সুমন্ত চলিহাক অধ্যক্ষ আৰু অনুৰাধা শৰ্মা পূজাৰী, ​ড॰ সত্যকাম বৰঠাকুৰ, ​ড॰ ছাইদুল ইছলাম, ​ড॰ অদিতি বেজবৰুৱা, ​কামেশ্বৰ বড়ো, ​ড॰ প্ৰশান্ত চক্ৰৱৰ্তী, ​ড॰ বিভা ভড়ালী, ​ড॰ লিপিকা তালুকদাৰ আৰু ​অচ্যুৎ কুমাৰ পাটোৱাৰীক সদস্য হিচাপে লৈ নিৰ্বাচক সমিতিখন গঠন কৰা হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like