ডিজিটেল ডেস্ক, ৩ জুলাই : কলিয়াবৰ কামাখ্যা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু হয়। কামাখ্যা গাঁও-শিলঘাট সংযোগী গড়কাপ্টানী পথত এই ঘটনা সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকজনৰ নাম বিষ্ণু গৌড় ।
ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত লোকজনে সন্ধিয়া দোকানৰ পৰা সামগ্ৰী লৈ গৈ থকা অৱস্থাতে হাতীৰ মুখামুখি হোৱাত এই ঘটনা সংঘটিত হয় । সন্দেহ কৰা মতে, সন্ধিয়াই ঘটনাটো সংঘটিত হোৱাৰ পিছত পুৱাহে স্থানীয় লোকে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।