নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মুক্তিৰ দিনাই দৰ্শকৰ লক্ষণীয় সঁহাৰি

বিশেষ বাৰ্তা, লখিমপুৰ, ৩ জুলাই : আজি ৰাজ্যজুৰি ছবিগৃহত মুক্তি লাভ কৰে অসমীয়া কথাছবি ‘ককাদেউতা নাতি আৰু হাতী-২’। লখিমপুৰত মুক্তিৰ প্ৰথম দিনটোতে ছবিগৃহত দৰ্শকে ভিৰ কৰে। তিনিটা ছবিগৃহত তিনিটাকৈ দৰ্শনীৰে চলা ছবিখন উপভোগ কৰি দৰ্শকে ক’লে- ছবিখন চাই মজা লাগিল।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে আজি প্ৰথম দিনটোতে ছবিগৃহলৈ দৰ্শকক আনিবলৈ সক্ষম হয়। লখিমপুৰৰ গল্ডত ২, ৫ আৰু ৮ বজাত, বিশ্ব টকীজত ১১.১৫, ৫.১৫ আৰু ৮.১৫ বজাত আৰু নক্ষত্র চিনেমাত ১১.১৫, ৫.১৫ আৰু ৭.৫০ বজাত তিনিটাকৈ দৰ্শনীৰে ছবিখন চলিছে। আটাইকেইটা ছবিগৃহতে আজি দৰ্শকৰ সঁহাৰি আছিল সন্তোষজনক।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে ন-পুৰণি সকলো দৰ্শককে আকৰ্ষণ কৰিছে। ছবিখন চাই পৰম সন্তোষেৰে ওলাই অহা নৱপ্ৰজন্মৰ একাংশই অনুভৱ প্ৰকাশ কৰি কয়- সকলোৰে অভিনয় ভাল লাগিছে। গীতকেইটাও সুন্দৰ হৈছে। মজা লাগিল চাই।

এজন জ্যেষ্ঠ দৰ্শকে কয়- বহুত ধুনীয়া চিনেমা এইখন। কাহিনীও সুন্দৰ। বিগিনিঙৰ পৰা এণ্ডিঙলৈ পুৰা এন্টাৰটেইনমেন্ট। সকলোকে ছবিখন চাবলৈ অনুৰোধ জনালোঁ।

প্ৰথমটো দিনতে দৰ্শকৰ এনে সঁহাৰি আৰু সন্তুষ্টিয়ে পৰৱৰ্তী সময়তো যে ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈ থাকিব, তাৰেই সম্ভাৱনা প্ৰকট কৰিছে।

You might also like